
ধুবুৰী, ২১ জুলাই (হি.স.): অনলাইন জুৱাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী আৰক্ষী । ধুবুৰী চহৰৰ আফৰীন হোটেলৰ কোঠাত যোৱা কালি সোমবাৰে বিয়লি অবৈধ অনলাইন জুৱা খেলি থকাৰ সময়চোৱাতে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই চাৰিজন যুৱকক হাতে লোটে আটক কৰে।
যুৱক চাৰিজনে অনলাইন গেমৰ জৰিয়তে লাখে লাখে টকাৰ জুৱা খেলিছিল ৷ যুৱক চাৰিজনৰ পৰা অবৈধ ইউএছ ডলাৰৰ লেনদেনৰ ভিক্তিত অভিযান চলাই চাৰি যুৱকক আটক কৰে। আটকাধীন চাৰিজন হৈছে- কলা পাকানী অঞ্চলৰ হাৰন আলী, ৰিজাৰ্ভেৰ চৰ অঞ্চলৰ আব্দুল মতিন, হোসেন আলী আৰু ওছমান গণি ৷ চাৰিওজনৰ পৰা চাৰিটা মোবাইল জব্দ কৰে আৰক্ষীয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ