
ধুবুৰী, ২১ জুলাই (হি.স.)। গৌৰীপুৰৰ আঠানিত কালি নিশা চোৰাং গৰুৰ বিৰুদ্ধে অভিযান।অভিযানত ৪টা চোৰাং গৰুসহ বিলাসী বাহন জব্দ।
আঠানিৰ খানাবাৰী পনেআনিত আঠানি আৰক্ষীৰ অভিযান।
এএছ অ-জি এইছ -০৩৪৯ নম্বৰৰ ছুইফট ডিজেয়াৰ বাহনৰে গৰু কেইটা সৰবৰাহ। পশ্চিমবংগৰ পৰা গৰু কেইটা সৰবৰাহ সন্দেহ।আৰক্ষীৰ অভিযানৰ উমান পাই বাহনখন এৰি পলায়ন চালকৰ।আঠানি আৰক্ষীয়ে গৰু চাৰিটা আৰু বাহনখন জব্দ কৰি তদন্ত আৰম্ভ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ