
বিশ্বনাথ, ২১ জুলাই (হি.স.)। বিহালীৰ পথাৰত ব্যস্ত বিধায়ক: বৰজাৰণিত ধান খেতিৰ বাবে ভুঁই ৰুলে মুনীন্দ্ৰ দাসে
শাওন মাহৰ বৰষুণৰ বতৰত খেতি পথাৰত ব্যস্ত হৈ পৰিছে কৃষিজীৱী ৰাইজ। তাৰ ব্যতিক্ৰম নহ’ল বিহালী।
বিহালীৰ ২ নং বৰজাৰণিৰ সেউজীয়া পথাৰত ‘আত্মা’ (ATMA - Agricultural Technology Management Agency) আঁচনিৰ উদ্যোগত তথা বিহালী কিষান মৰ্চা আৰু স্থানীয় খেতিয়কসকলৰ সহযোগত এক সামূহিক ধান ৰোৱা কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক মুনীন্দ্ৰ দাসে পথাৰত নামি নিজ হাতে ভুঁই ৰোৱে।
বিধায়িক মুনীন্দ্ৰ দাসৰ লগতে স্থানীয় কৃষক, কিষান মৰ্চাৰ কাৰ্যকর্তা আৰু ‘আত্মা’ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷
ইপিনে, পথাৰত বিধায়কক নিজ হাতে ভুঁই ৰোৱা দেখি স্থানীয় খেতিয়কসকল যথেষ্ট উৎসাহিত হৈ পৰে। এই কাৰ্যসূচীয়ে বিহালীৰ কৃষক সমাজত এক নতুন উৎসাহৰ সৃষ্টি কৰাৰ লগতে কৃষিকৰ্মৰ গুৰুত্ব আৰু শ্ৰমৰ মৰ্যাদাক এক অনন্য বাৰ্তা প্ৰেৰণ কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা