
নলবাৰী, ২১ জুলাই (হি.স.)। নলবাৰীৰ এগৰাকী জনপ্ৰিয় যুৱ শৰীৰচৰ্চাৰ প্ৰশিক্ষকৰ মৃত্যুক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। শৰীৰচৰ্চাৰ প্ৰশিক্ষক কাৰ্তিক কাশ্যপৰ অকাল মৃত্যু সম্পৰ্কত গোচৰ দাখিল।
ধনৰ লেনদেন তথা প্ৰতাৰণাৰ বলি হৈ অকাল মৃত্যুক সাৱতি লগীয়া হল জনপ্ৰিয় শৰীৰচৰ্চাৰ প্ৰশিক্ষক সুদৰ্শন যুৱক কাৰ্তিক কাশ্যপে ।নিজ মাহীয়েকৰ প্ৰতাৰণাৰ বলী হল কাৰ্তিক।
মৃত্যুৰ আগমুহুৰ্তত কাৰ্তিকে নিজৰ মোৱাইলত ভিডিও বনাই ৰাখি থৈ গল প্ৰমাণ ।
উল্লেখ্য যে যোৱা ৬ জুলাইত মৃত্যু হৈছিল নলবাৰীৰ ভদ্ৰা গাঁও নিবাসী কৃষ্ণ মজুমদাৰ আৰু মীৰা মজুমদাৰৰ একমাত্ৰ পুত্ৰ জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ।
কাৰ্তিকৰ মৃত্যুৰ ১৫ দিন পিছত কাৰ্তিকৰ মাতৃয়ে নিজ ভনীয়েক তথা কাৰ্তিকৰ মাহিয়েকৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত দাখিল কৰে এজাহাৰ ।
নিজ ভগ্নী অৰ্থাৎ কাৰ্তিকৰ নিজৰ মাহিয়েক দীপিকা হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ।অভিযোগ মতে ২০২৩ চনত কাৰ্তিক কাশ্যপৰ পৰা নিজ মাহীয়েকে চেয়াৰ মাৰ্কেটত ধন লগোৱাৰ নামত ১৮ লাখ টকা লৈছিল।মাহীয়েক দীপিকা হাজৰিকা আৰু মহাক ৰাম হাজৰিকাৰ ঘৰ হল উত্তৰ গুৱাহাটীত। বিগত সময়চোৱাত কাৰ্তিকে সেই ধন ওভোটাই বিছাৰিছিল যদিও নিজ মাহিয়েকে সেই টকা ঘুৰাই নিদি কাৰ্তিক কাশ্যপক প্ৰতাৰণা কৰে।মাহীয়েকৰ প্ৰবঞ্চনাত মানসিক ভাবে ভাগি পৰে কাৰ্তিক।এফালে বেংকৰ ঋণৰ কিস্তি আনফালে নিজাকৈ জীম খোলাৰ সপোন লৈ সমস্যাত পৰে কাৰ্তিক। তাৰ পিছত পৰিস্থিতি অৱনতি ঘটি অৱশেষত ৬জুলাইত মৃত্যুক আকোৱালি লয় শৰীৰচৰ্চাৰ প্ৰশিক্ষক কাৰ্তিক কাশ্যপে।এই ঘটনাৰ পিছত এতিয়া শোকবিহ্বল মাতৃয়ে পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি গোচৰ দাখিল কৰে।নিজৰ মাহীয়েকৰ প্ৰতাৰণাৰ বলি হৈ এইদৰে এগৰাকী প্ৰচুৰ সম্ভাৱনাময় শৰীৰচৰ্চাৰ প্ৰশিক্ষকে মৃত্যুক আকোৱালী লোৱা ঘটনাক লৈ নলবাৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা