
দৰং, ২১ জুলাই (হি.স.)। দৰং জিলাৰ মঙলদৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।
এই ঘটনাত অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰ ভাবে আহত হয় বাইক আৰোহী।
আহত বাইক আৰোহীক সংকট জনক অৱস্থাত চিকিসালয়ত ভৰ্তি কৰোৱা হৈছে । জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ।
আহত বাইক আৰোহী জনৰ পৰিচয় এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা