লামডিংত এজন যুৱকৰ ৰহস্যজনক হত্যাকাণ্ড
লামডিংত এজন যুৱকৰ ৰহস্যজনক হত্যাকাণ্ডৰ।
লামডিংত এজন যুৱকৰ ৰহস্যজনক হত্যাকাণ্ড


হোজাই, ২১ জুলাই (হি.স.): হোজাই জিলাৰ লামডিঙত এজন যুৱকৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । যুৱকজনক হত্যাকৰি পানী টেঙ্কিত পেলাই দিয়াৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকসকলে।

নগৰখনৰ মাজমজিয়াত থকা ৰেলৱে ফিল্টাৰ হাউচৰ পানী সংৰক্ষণ কৰা টেঙ্কিত যোৱা কালি দেওবাৰে বিয়লি এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ বিৰাজ কৰিছে। মৃত যুৱকজন লামডিং অফিচাৰ্চ ক'লনিৰ নিৱাসী কৌশিক দে' বুলি পৰিচয় পোৱা গৈছে ৷ শনিবাৰৰ পুৱতি নিশাৰ পৰা নিখোজ হৈ আছিল যুৱক জন।

পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয় যে কোনো দুষ্কৃতিকাৰীয়ে হত্যাকৰি পানী টেঙ্কিত পেলাই দিয়ে । খৱৰ পাই ঘটনাস্থলীত তাৎক্ষনিক ভাৱে উপস্থিত হয় লামডিং আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ দল । মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও লৈ প্ৰেৰণ কৰে লামডিং আৰক্ষীয়ে । যুৱকজনৰ হত্যা সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পাছত সমষ্ট কাহিনী পোহৰত আহিব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande