
গোলাঘাট, ২১ জুলাই (হি.স.)। কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তৎপৰ হোৱা পৰিলক্ষিত হল দেৰগাঁও পৌৰসভা প্ৰশাসন।বিগত কিছু দিন ধৰি কৃত্ৰিম বানৰ ফলত হাৰাশাস্তিত ভুগিছে দেৰগাঁও নগৰবাসী।ঘৰৰ বাহিৰে ভিতৰে কেৱল পানী আৰু পানী।নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন সমগ্ৰ দেৰগাঁও নগৰ অঞ্চল।ৰাষ্ট্ৰীয় ঘাইপথ তথা অন্যান্য পথ সমূহৰ ওপৰেৰে বাগৰিছিল পানী।অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয় দেৰগাঁও নগৰ বাসিন্দা সকল।নলা নৰ্দমা চফা নকৰাৰ অভিযোগ উত্থাপিত হৈছিল দেৰগাঁও পৌৰসভাৰ বিৰুদ্ধে।জাকলৈ তৎপৰ হোৱা পৰিলক্ষিত হয় পৌৰ সভাৰ বিষয় ববীয়া।
আৰু সোমবাৰে পানী ওলাই যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা গল পৌৰসভাৰ কৰ্তৃপক্ষক।এক্সকাভেটৰৰ জৰিয়তে নলা সমূহ চফা কৰাৰ লগতে পকী পথৰ মাজেদি পানী যোৱাৰ ব্যৱস্থা কৰে পৌৰসভাই।যাৰ পৰিপ্ৰেক্ষিতত কিছু পৰিমানে সকাহ পায় দেৰগাঁও নগৰ বাসীয়ে।এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কিৰে দেৰগাঁও পৌৰ সভাৰ উপ -পৌৰ পতি সুভাঙ্কৰ ঘোষে ।লগতে সাংবাদিকৰ বিৰুদ্ধে নলা নিৰ্মাণৰ ক্ষেত্ৰত কোনো তথ্য নোহোৱা বা ভিত্তিহীন বাতৰি প্ৰচাৰ কৰাৰ কথাও কয় উপ-পৌৰপতি গৰাকীয়ে।সাংবাদিকক তথ্যহীন বাতৰি নকৰিবলৈ আহ্বান ক্ষোভিত পৌৰপতি গৰাকীৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ