
ধুবুৰী, ২১ জুলাই (হি.স.)। ঘৰ ঘৰ নল হৰ ঘৰ জল। ভাৰত চৰকাৰৰ এই জনপ্ৰিয় শ্লোগানটো বৰ্তমান সময়ত বাস্তৱ ক্ষেত্ৰত কিমানদুৰ সফল হৈছে সেয়া তামাৰহাটৰ উজানপেটলা গাওঁ স্থিত ঘাঁহ বনেৰে আবৰি থকা জল জীৱন মিছন আঁচনিয়ে উদয়াই দিছে। গাওঁ খনত থকা জল জীৱন মিছন আঁচনি খনৰ কাম সম্পূৰ্ণ হৈছে যদিও আঁচনি খন আজিলৈকে বন্ধ হৈ থকাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে বৃহত্তৰ উজানপেটলা গাঁৱৰ ৰাইজ। ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ জনকল্যাণমুলক আঁচনি হৈছে জল জীৱন মিছন আঁচনি কিন্তু এই আচঁনিৰ জৰিয়তে উপকৃত হোৱা নাই ৰাইজ।
গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক টেপ সংযোগৰ জৰিয়তে পৰ্যাপ্ত আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ ভাৰত চৰকাৰে এই আচঁনি খন গ্ৰহন কৰিছিল যদিও বৰ্তমান বন্ধ হৈ আছে আঁচনি খন। ফলত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ।কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা আঁচনিখন মুকলি নকৰাত এতিয়া মৃত্যু মুখত পৰিছে। নোহোৱা হৈ পৰিছে ঘৰে ঘৰে স্থাপন কৰা টেপ সমূহ ।অতি সোনকালে আঁচনি খন পুনৰ্জীৱিত কৰি অঞ্চলটোৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় মন্ত্ৰীক দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ