শিৱসাগৰত বান পৰিস্থিতিৰ মাজতেই বাহনৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ, কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ
শিৱসাগৰ, ২১ জুলাই (হি.স.)। শিৱসাগৰত বান পৰিস্থিতিৰ মাজতেই কালি নিশা অঘটন।বাহনৰ ওপৰত বাগৰি পৰিল পথৰ দাতিৰ বৃহৎ গছ।সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা ছয় আৰোহীৰ।বাহনখনৰ স্বত্বাধিকাৰী তথা চালক হীৰেন হাজৰিকাই জনোৱা মতে আমগুৰিৰ পৰা নিশা শিৱসাগৰ অসামৰিক চিকিৎসালয
শিৱসাগৰত বান পৰিস্থিতিৰ মাজতেই বাহনৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ, কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ


শিৱসাগৰ, ২১ জুলাই (হি.স.)। শিৱসাগৰত বান পৰিস্থিতিৰ মাজতেই কালি নিশা অঘটন।বাহনৰ ওপৰত বাগৰি পৰিল পথৰ দাতিৰ বৃহৎ গছ।সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা ছয় আৰোহীৰ।বাহনখনৰ স্বত্বাধিকাৰী তথা চালক হীৰেন হাজৰিকাই জনোৱা মতে আমগুৰিৰ পৰা নিশা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ ৰোগী লৈ আহিছিল বাহনখনে ।

এ এছ ০৪ আৰ ৩৩৯০ নম্বৰৰ স্কৰপিঅ বাহনখনে ছয়জন আৰোহীসহ ৰোগী লৈ আহি থকা অৱস্থাত জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত মানকটা আলিৰ সমীপত এজোপা বৃহৎ গছ হঠাৎ উভালি বাহনখন হেচা মাৰি ধৰে।বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় যদিও সৌভাগ্যক্ৰমে ৰোগীসহ ছয়জন আৰোহীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।অৱশেষত স্থানীয় লোকে আৰোহী কেইজনক উদ্ধাৰ কৰাৰ লগতে উভালি পৰা বৃহৎ গছডাল আতৰাবলৈ সক্ষম হয়।পথৰ ওপৰত গছডাল উভালি পৰাৰ ফলত বহু সময়লৈকে পথটোত যান বাহনসমূহ আৱদ্ধ হৈ পৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande