দিচাং নদীৰ বাঢ়নী পানীৰ কবলত টিংখাঙৰ বিস্তীৰ্ণ অঞ্চল
আতংকিত ৰাইজৰ ওখ স্থানত আশ্ৰয় গ্ৰহণ ।
দিচাং নদীৰ বাঢ়নী পানীৰ কবলত টিংখাঙৰ বিস্তীৰ্ণ অঞ্চল


ডিব্ৰুগড়, ২১ জুলাই (হি.স.): দিচাং নদীৰ বাঢ়নী পানীত প্লাৱিত হৈ পৰিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বহু অঞ্চল। ফেনে-ফুটুকাৰে হঠাৎ বাঢ়ি অহা দিচাং নৈৰ বাঢ়নী পানীৰ কবলত পৰিছে টিংখাঙৰ দিচাং ৰংছোৱাল অঞ্চল । বানৰ প্ৰকোপত দিচাং ৰংছোৱাল গাঁৱৰ বাসিন্দা সকলে নিশাই পশুধন সহ ওখ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে।

নিশাটোৰ ভিতৰতে দিচাং নদীয়ে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰাত এতিয়া আতংকিত হৈ পৰিছে বানাক্ৰান্ত সকল। উল্লেখ্য় যে সোমবাৰে পুৱাৰে পৰা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা দিচাং নদীৰ পানী সন্ধিয়াৰ পৰা নৈৰ কাষৰীয়া লোকসকলৰ বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰিবলৈ ধৰে । যাৰ ফলত বহু লোকে অনাহাৰে লামলাকুতি লগত লৈ বাসগৃহ ত্যাগ কৰি অন্য নিৰাপদ স্থান বিচাৰিবলৈ বাধ্য হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande