
তিনিচুকিয়া, ২১ জুলাই (হি.স.)। ভাৰত ম্যানমাৰৰ সীমান্তক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত পুনৰ আৰম্ভ হৈছে কূটনৈতিক সম্পৰ্ক। দুয়োখন ৰাষ্ট্ৰৰ সহমতত বিগত ৬ বছৰে বন্ধ হৈ থকা আন্তৰ্জাতিক বজাৰৰ দুৱাৰ সোমবাৰৰ পৰা পুনৰ খুলি দিয়া হৈছে। এতিয়াৰে পৰা প্ৰত্যেক মাহৰ ১০,২০ আৰু ৩০ তাৰিখে দুয়োখন ৰাষ্ট্ৰৰ সীমান্তৱৰ্তী বাসিন্দাই বজাৰ খনৰ জৰিয়তে ব্যৱসায় বাণিজ্য কৰাৰ সুবিধা লাভ কৰিব।
একে সময়তে সীমান্তৰ সুৰক্ষা আৰু উগ্ৰপন্থীৰ অনুপ্ৰৱেশ ৰোধৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ সীমান্তত আৰম্ভ হৈছে কাটা তাঁৰৰ বেৰা স্থাপনৰ কাম।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা