
নতুন দিল্লী, ২০ জুলাই (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেলত অতিৰিক্ত সময়ত স্পেইনৰ হাতত ০-১ গ’লত পৰাস্ত হৈ ৰানাৰ্ছ আপৰ স্থান দখল কৰা আৰ্জেণ্টিনাক আগবঢ়োৱা সমৰ্থনৰ বাবে ভাৰতত থকা আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত মাৰিয়ানো ক’চিনোৱে ভাৰতীয় ফুটবল অনুৰাগীক ধন্যবাদ জনাইছে।
সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত ক’চিনোৱে এটা পোষ্ট শ্বেয়াৰ কৰি ভাৰতত আৰ্জেণ্টিনাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা সমৰ্থনৰ প্ৰশংসা কৰে। তেওঁ লিখিছে, এই বিশ্বকাপৰ সময়ত আৰ্জেণ্টিনাৰ দলটোক অবিৰত সহায় আগবঢ়োৱাৰ বাবে ভাৰতৰ জনসাধাৰণক অশেষ ধন্যবাদ। আকৌ এবাৰ ধন্যবাদ ভাৰত!
২০২২ চনৰ বিশ্বকাপত লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনা বিশ্ব চেম্পিয়ন হোৱাৰ পিছত ভাৰতত অনুৰাগীৰ সংখ্যা আৰু মেছিৰ অনুৰাগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে। ফলস্বৰূপে ভাৰতৰ অনুৰাগীসকলেও গোটেই প্ৰতিযোগিতাখনত আৰ্জেণ্টিনাৰ বাবে উল্লাস কৰিছিল।
ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰতিযোগিতাখনত প্ৰৱেশ কৰা আৰ্জেণ্টিনাই একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে যদিও নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত খিতাপ ৰক্ষাৰ সপোন ছিন্নভিন্ন হৈ পৰে। স্পেইনে অতিৰিক্ত সময়ত ১-০ গ’লত জয়লাভ কৰি ২০১০ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপ খিতাপ দখল কৰে । মেচখনৰ একমাত্ৰ আৰু নিৰ্ণায়ক গ’লটো ১০৬ মিনিটত ফেৰাণ টৰেছে দিয়ে।
সমগ্ৰ খেলখনত স্পেইনে আধিপত্য বিস্তাৰ কৰিছিল । স্পেইনে অদম্যভাৱে আক্ৰমণ চলাই অসংখ্য সুযোগ সৃষ্টি কৰাৰ বিপৰীতে আৰ্জেণ্টিনাই নিজৰ শক্তিশালী ৰক্ষণভাগত প্ৰৱেশ কৰিব নোৱাৰিলে ।
যদিও আৰ্জেণ্টিনাই খিতাপ ৰক্ষা কৰাত ব্যৰ্থ হ’ল, তথাপিও একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাৰ কৃতিত্ব ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ অনুৰাগীয়ে প্ৰশংসা কৰে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ