
অকলেণ্ড, ১৯ জুলাই (হি.স.): সুনীল নাৰিন আৰু জেছন হোল্ডাৰৰ চমকপ্ৰদ বলিঙৰ বাবেই লছ এঞ্জেলছ নাইট ৰাইডাৰ্ছে (এল এ নাইট ৰাইডাৰ্ছ) প্ৰথমটো মেজৰ লীগ ক্ৰিকেট (এম এল চি) খিতাপ দখল কৰি ইতিহাস ৰচনা কৰে।
শনিবাৰে নিশা (স্থানীয় সময়) অকলেণ্ড কলিজিয়ামত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত এল এ নাইট ৰাইডাৰ্ছে ডিফেণ্ডিং চেম্পিয়ন ৱাশ্বিংটন ফ্ৰিডমক এটা ৰাণত পৰাস্ত কৰি চেম্পিয়ন হয়। এই জয়ৰ ফলত এম আই নিউয়ৰ্ক আৰু ৱাশ্বিংটন ফ্ৰিডমৰ তিনি বছৰীয়া আধিপত্যও শেষ হৈ গ’ল।
প্ৰথমে বেটিং কৰি এল এ নাইট ৰাইডাৰ্ছে ১৯.৪ অভাৰত ১৬৪ ৰান সংগ্ৰহ কৰি অল আউট হয়। আন্দ্ৰে ফ্লেচাৰে ২৭টা বলত ৪৭ ৰান, কলিন মুনৰোৱে ২৯টা বলত ৪০ ৰান আৰু মেথিউ ট্ৰম্পে ২১টা বলত বিস্ফোৰক ৩৯ ৰান সংগ্ৰহ কৰে। ৱাশ্বিংটন ফ্ৰিডমৰ হৈ বেন দ্বাৰশ্বুইছে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ৰাচিন ৰবীন্দ্ৰ আৰু নিখিল চৌধুৰীয়ে দুটাকৈ উইকেট দখল কৰে।
ইফালে ১৬৫ ৰানৰ লক্ষ্য খেদি খেদি ৱাশ্বিংটন ফ্ৰিডমে দুৰ্বল আৰম্ভণি কৰে। প্ৰবীণ স্পিনাৰ সুনীল নাৰিন আৰু অধিনায়ক জেছন হোল্ডাৰে নিয়মীয়া ব্যৱধানত উইকেট দখল কৰি দলটোক হেঁচাত ৰাখিছিল। নাৰিনে অতি অৰ্থনৈতিকভাৱে বলিং কৰি চাৰি অভাৰত মাত্ৰ ১৩ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে হোল্ডাৰে তিনিটা উইকেট দখল কৰে।
অৱশ্যে ওবাছ পিয়েনাৰে ২৪টা বলত ৫৩ ৰানৰ বিস্ফোৰক ইনিংছ খেলি মেচখন চূড়ান্ত বললৈ লৈ যায়। তেওঁ এককভাৱে ৱাশ্বিংটনৰ আশা জীয়াই ৰাখিছিল যদিও তেওঁৰ সুন্দৰ ইনিংছটোৱেও জয় নিশ্চিত কৰিব নোৱাৰিলে। ৱাশ্বিংটনে তেওঁলোকৰ আবণ্টিত ২০ অভাৰত মাত্ৰ ৯ উইকেটত ১৬৩ ৰানহে কৰিবলৈ সক্ষম হৈছিল আৰু এটা ৰানত পৰাস্ত হৈছিল।
গোটেই প্ৰতিযোগিতাখনত এল এ নাইট ৰাইডাৰ্ছে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ফাইনেলত হেঁচাত পৰি নিজৰ স্থিৰতা বজাই ৰাখি প্ৰথমবাৰৰ বাবে এম এল চি ট্ৰফী লাভ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া