
এণ্টৱাৰ্প, ১৮ জুলাই (হি.স.)। ভাৰতীয় জুনিয়ৰ (অনূৰ্ধ্ব ২১) পুৰুষৰ হকী দলৰ মুখ্য প্ৰশিক্ষক ফ্ৰেডেৰিক ছয়েজে বেলজিয়াম ভ্ৰমণৰ সামৰণিত দলটোৰ প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰি কয় যে যুৱ খেলুৱৈসকলে সঠিক দিশত আগবাঢ়িছে। তেওঁ কয় যে এই ভ্ৰমণে খেলুৱৈসকলক শিকিবলৈ, নিজকে উন্নত কৰাৰ, আৰু এটা শক্তিশালী দল হিচাপে গঢ়ি তোলাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিছিল।
৫ জুলাইৰ পৰা ১৮ জুলাইলৈ চলি থকা ছয়খন খেলৰ এক্সপ’জাৰ ভ্ৰমণৰ সামৰণি পৰে ভাৰতীয় দলটোৱে নেদাৰলেণ্ডৰ বিৰুদ্ধে ৪-৩ গ’লত ৰোমাঞ্চকৰ জয়ৰে।
হকী ইণ্ডিয়াই উদ্ধৃতি দিয়াৰ দৰে ছয়েজে কয় যে, বেলজিয়াম ভ্ৰমণৰ এই ভ্ৰমণ খেলপথাৰৰ ভিতৰত আৰু বাহিৰত আছিল এক ডাঙৰ অভিজ্ঞতা। কঠিন পৰিস্থিতিত শক্তিশালী দলৰ বিৰুদ্ধে খেলি খেলুৱৈসকলে দল হিচাপে শিকিবলৈ, বিকাশ কৰিবলৈ আৰু বৃদ্ধিৰ এক অমূল্য সুযোগ লাভ কৰিছিল।
ৱাভ্ৰেৰ বেলফিয়াছ হকী এৰিনাত অষ্ট্ৰিয়াৰ হাতত ২-৪ গ’লত পৰাস্ত হৈ ভাৰতে অভিযান আৰম্ভ কৰে। কিন্তু তাৰ পিছৰ মেচখনত দলটোৱে উল্লেখযোগ্য প্ৰত্যাৱৰ্তন ঘটাই অষ্ট্ৰিয়াক ৪-১ গ’লত পৰাস্ত কৰে।
ইয়াৰ পিছতে আয়োজক বেলজিয়ামৰ বিৰুদ্ধে ২-৩ গ’লত সংকীৰ্ণ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰত। চতুৰ্থখন খেলত জাৰ্মানীয়ে শেষ মুহূৰ্তত পেনাল্টি কৰ্ণাৰত গ’ল দি ভাৰতক ১-০ গ’লত পৰাস্ত কৰে। পঞ্চমখন খেলত বেলজিয়ামে ভাৰতক ৪-২ গ’লত পৰাস্ত কৰিছিল যদিও অন্তিমখন মেচত ভাৰতীয় দলটোৱে উজ্জ্বল আক্রমণাত্মক খেল প্রদর্শন কৰি নেদাৰলেণ্ডক ৪-৩ গ’লত পৰাস্ত কৰি জয়ৰে ভ্রমণ সমাপ্ত কৰে৷
প্ৰশিক্ষক ছয়েজে কয়, ফলতকৈ অধিক গুৰুত্বপূৰ্ণ আছিল যে দলটোৱে প্ৰতিখন মেচৰ লগে লগে নিজৰ প্ৰদৰ্শন উন্নত কৰিছিল। খেলুৱৈসকলৰ দায়বদ্ধতা, পৰিস্থিতিৰ লগত খাপ খুৱাব পৰা ক্ষমতা আৰু শিকিবলৈ ইচ্ছা প্ৰতিখন মেচতে স্পষ্ট হৈ পৰিছিল।
তেওঁ কয়, বেলজিয়াম আৰু জাৰ্মানীৰ বিৰুদ্ধে আমি সংকীৰ্ণভাৱে পৰাস্ত হৈছিলো, কিন্তু আমাৰ প্ৰদৰ্শন অতি উৎসাহজনক আছিল। এই মেচসমূহৰ পৰা আমি বহু ইতিবাচক শিক্ষা লাভ কৰিলোঁ। ভ্ৰমণৰ অন্তিমখন মেচত দলটোৱে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰি নেদাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰি এই সময়ছোৱাত আমি কিমান বৃদ্ধি পাইছো সেয়া প্ৰমাণ কৰিলে। খেলুৱৈসকলে মহান যুঁজাৰু মনোভাৱ আৰু চৰিত্ৰ প্ৰদৰ্শন কৰে।
আগন্তুক প্ৰতিযোগিতাসমূহৰ প্ৰতি লক্ষ্য ৰাখি ছয়েজে কয় যে এই ভ্ৰমণৰ অভিজ্ঞতাই খেলুৱৈসকলৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
তেওঁ কয়, অৱশ্যেই আমাৰ এতিয়াও কাম কৰিবলগীয়া কিছুমান ক্ষেত্ৰ আছে, বিশেষকৈ ধাৰাবাহিকতা বজাই ৰখা আৰু মেচখনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ ভালদৰে দখল কৰা। কিন্তু আমাৰ অগ্ৰগতি স্পষ্টভাৱে দেখা গৈছে। এই ভ্ৰমণে আমাক আত্মবিশ্বাস প্ৰদান কৰিছে যে আমি সঠিক দিশত আগবাঢ়িছো আৰু ভৱিষ্যতৰ প্ৰস্তুতিৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ