মেছিক “বিশেষ নিৰীক্ষণ”ৰ অধীনত থাকিব, কিন্তু মেন মাৰ্কিং ব্যৱহাৰ কৰা নহ’ব: স্পেনিছ প্ৰশিক্ষক ফুয়েণ্টে
নিউয়ৰ্ক, ১৮ জুলাই (হি.স.)। ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে স্পেইনৰ মুখ্য প্ৰশিক্ষক লুইছ ডি লা ফুয়েণ্টেয়ে কয় যে তেওঁৰ দলটোৱে আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব, কিন্তু তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ মেন মাৰ্কিং কৌশলৰ
स्पेन के कोच डे ला फ़ुएंटे और अर्जेंटीना के कोच लियोनेल स्कालोनी गले मिलते हुए


নিউয়ৰ্ক, ১৮ জুলাই (হি.স.)। ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে স্পেইনৰ মুখ্য প্ৰশিক্ষক লুইছ ডি লা ফুয়েণ্টেয়ে কয় যে তেওঁৰ দলটোৱে আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব, কিন্তু তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ মেন মাৰ্কিং কৌশলৰ আশ্ৰয় লোৱা নহ’ব। তেওঁ কয় যে অভিজ্ঞতাৰ পৰা তেওঁ জানে যে মেছিৰ দৰে খেলুৱৈক এজন খেলুৱৈৰ সৈতে গোটেই মেচখন ধৰি ৰখাটো প্ৰায় অসম্ভৱ।

শুকুৰবাৰে এখন সংবাদমেলত ডি লা ফুয়েণ্টে কয় যে, ‘মই প্ৰথমবাৰৰ বাবে মেছিৰ সন্মুখীন হৈছিলো যেতিয়া মই চেভিলাৰ যুৱ দলৰ প্ৰশিক্ষক আছিলো।আমি বাৰ্চিলোনাৰ সৈতে খেলিবলৈ গৈছিলো, আৰু মই এজন যুৱ খেলুৱৈ হিচাপে মেছিৰ বিষয়ে বহু কথা শুনিছিলো।

তেওঁ আৰু কয়, আমি তেওঁলোকক মেন মাৰ্ক কৰিবলৈ এজন খেলুৱৈ নিযুক্তি দিছিলো, কিন্তু ৭০ মিনিটত তেওঁক হালধীয়া কাৰ্ড পোৱাৰ বাবে তেওঁক সলনি কৰিবলগীয়া হৈছিল। সেই সময়ত স্ক'ৰ আছিল ০-০, কিন্তু পিছৰ ১৫ মিনিটত মেছিয়ে আমাৰ বিৰুদ্ধে চাৰিটা গ'ল দিছিল।

তেওঁ স্পষ্ট কৰি দিয়ে, গতিকে এইবাৰ আমি মেন-মাৰ্ক নকৰো। আমি গোটেই সময়খিনি সজাগ হ'ব লাগিব আৰু নিশ্চিতভাৱে মেছিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব।

৩৯ বছৰীয়া মেছিক প্ৰশংসা কৰি স্পেনিছ প্ৰশিক্ষকগৰাকীয়ে কয় যে, মেছি এজন অনন্য খেলুৱৈ। তেওঁৰ আচৰণ আৰু ক্ৰীড়াবিদৰ বাবেই তেওঁ যুৱ খেলুৱৈৰ বাবে প্ৰেৰণা। বিশেষকৈ এই বয়সত তেওঁ যি ধৰণৰ বিশ্বকাপ খেলিছে সেয়া সঁচাকৈয়ে আচৰিত।

ফাইনেলত মুখামুখি হ’ব স্পেনিছ প্ৰশিক্ষকগৰাকীয়ে আৰ্জেণ্টিনাৰ মুখ্য প্ৰশিক্ষক লিয়নেল স্কাল’নীৰ সৈতেও। ২০১৭ চনত দুয়োৰে বন্ধুত্ব হৈছিল, যেতিয়া স্কাল’নীয়ে পেছাদাৰী প্ৰশিক্ষকৰ অনুজ্ঞাপত্ৰৰ বাবে অধ্যয়ন কৰি আছিল আৰু ডি লা ফুয়েণ্টে তেওঁৰ প্ৰশিক্ষক আছিল।

আৰ্জেণ্টিনাৰ প্ৰদৰ্শনৰ বিষয়ে সোধাত ডে লা ফুয়েণ্টে কয়, অ', নাই... একেবাৰে নহয়। মই কেতিয়াও তেনেকৈ ক'বলৈ সাহস নকৰো। এই আৰ্জেণ্টিনাৰ দলটোৰ প্ৰতি মোৰ অপৰিসীম সন্মান আছে।

তেওঁ লগতে কয়, তেওঁলোকে বিশ্বকাপ, দুটা কোপা আমেৰিকাৰ খিতাপ, ফাইনেলিছিমা জয় কৰিছে আৰু দলটোৰ নেতৃত্বত আছে মোৰ ঘনিষ্ঠ বন্ধু স্কাল'নি। তেওঁৰ প্ৰতি মোৰ সন্মানৰ বাহিৰে একো নাই।

তেওঁ লগতে কয় যে মোৰ বিশ্বাস স্পেইন আৰু আৰ্জেণ্টিনা দুয়োখনেই প্ৰতিভা আৰু উৎকৃষ্ট ফুটবলক অগ্ৰাধিকাৰ দিয়া কৌশলেৰে খেলপথাৰত প্ৰৱেশ কৰিব।

বিশ্বকাপৰ ফাইনেলত বিশেষ হাফটাইম শ্ব’ৰ বাবে হাফটাইমৰ ব্যৱধান সাধাৰণ ১৫ মিনিটৰ পৰিৱৰ্তে প্ৰায় ৩০ মিনিট হ’ব। এই সন্দৰ্ভত ডে লা ফুয়েণ্টে কয় যে, “মই ভাবো যে আজি আমাৰ বাবে যিবোৰ কথা অস্বাভাৱিক যেন লাগে, যেনে হাইড্ৰেচন ব্ৰেক বা ৩০ মিনিটৰ হাফটাইম, অহা ৩০ বছৰত ফুটবলৰ স্বাভাৱিক অংশ হৈ পৰিব পাৰে।”

হয়তো ফুটবলৰ বিকাশ এই দিশত হৈছে বুলিও তেওঁ কয়। আমি নাজানো ভৱিষ্যত কি হ'ব, কিন্তু যিয়েই নহওক, ইয়াক সলনি কৰিব নোৱাৰি। গতিকে আমি ইয়াক উপভোগ কৰা উচিত।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande