দেওবাৰে অসম প্ৰিমিয়াৰ লীগ (এ পি এল) ৰ খেলুৱৈ নিলাম
–অসমৰ ক্ৰিকেটাৰৰ বাবে এটা স্মৰণীয় গুৰুত্বপূৰ্ণ দিন ঃ এ চি এ সভাপতি তৰংগ গগৈ গুৱাহাটী, ১৮ জুলাই (হি.স.)। অসমৰ গৌৰৱময় ক্ৰীড়া যাত্ৰাত আন এক ঐতিহাসিক ঘটনা সন্নিবিষ্ট কৰি অসম ক্ৰিকেট সন্থাই প্ৰথমবাৰৰ বাবে ৰাজ্যত আয়োজন কৰিব লগা অসম প্ৰিমিয়াৰ লীগ [এ প
দেওবাৰে অসম প্ৰিমিয়াৰ লীগ (এ পি এল) ৰ খেলুৱৈ নিলাম


–অসমৰ ক্ৰিকেটাৰৰ বাবে এটা স্মৰণীয় গুৰুত্বপূৰ্ণ দিন ঃ এ চি এ সভাপতি তৰংগ গগৈ

গুৱাহাটী, ১৮ জুলাই (হি.স.)। অসমৰ গৌৰৱময় ক্ৰীড়া যাত্ৰাত আন এক ঐতিহাসিক ঘটনা সন্নিবিষ্ট কৰি অসম ক্ৰিকেট সন্থাই প্ৰথমবাৰৰ বাবে ৰাজ্যত আয়োজন কৰিব লগা অসম প্ৰিমিয়াৰ লীগ [এ পি এল] ৰ খেলুৱৈ নিলাম কাইলৈ গুৱহাটীত অনুষ্ঠিত হ’ব৷ বৰ্ষাপাৰা এ চি এ ষ্টেডিয়াম চৌহদৰ ‘৯১ য়াৰ্ডছ ক্লাব’ৰ পেক্ষাগৃহত হ’বলগা এই নিলামত আঠটা দলে নিজৰ ৰণনীতি আৰু পৰিকল্পনাৰে খেলুৱৈ ক্ৰয় কৰি সুসংগঠিত এটা দল গঠন কৰিব৷

উল্লেখ্য যে ২৭৫ গৰাকী ক্ৰিকেটাৰৰ নিলাম হ’ব লগা প্ৰথম এ পি এলৰ বাবে ইতিমধ্যে ২০গৰাকী মাৰ্কী খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে৷ বি চি চি আইৰ ঘৰুৱা ক্ৰিকেটৰ প্ৰদৰ্শনৰ ভিত্তিত ডেনিছ দাস, শিৱশংকৰ ৰয়, সুমিত কাশ্যপ, স্বৰূপম পুৰকায়স্থ, জিতুমণি কলিতা, মৃন্ময় দত্ত, মুক্তাৰ হুছেইন, অবিনৱ চৌধুৰী, ৰাহুল সিং, ছাদাক হুছেইন, ভাৰ্গব প্ৰতিম, ছাহিল জৈন, প্ৰদ্যুন শইকীয়া, সৌৰভ মৌচম দিহিঙিয়া, আব্দুল আজিজ, আকাশ সেনগুপ্তা, আয়ুষ্মান মালাকাৰ, সুমিত ঘাদীগাৱকাৰ, ৰোহিত সেন আৰু ৰুহিনন্দন পেগুৱে এই তালিকাত স্থান লাভ কৰিছে৷ কাইলৈৰ প্ৰত্যাসিত নিলামত এইসকলৰ লগতে অন্য খেলুৱৈৰ ওপৰতো দৃষ্টি নিবদ্ধ থাকিব৷

ইফালে, এ পি এলৰ চৰ্চা আৰু উৎকণ্ঠাৰ সময়তে এ চি এৰ সভাপতি তৰংগ গগৈ কয় ‘কাইলৈৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়াটো অসমৰ ক্ৰিকেটাৰৰ বাবে এটা স্মৰণীয় গুৰুত্বপূৰ্ণ দিন৷ অসমৰ প্ৰতিখন জিলাৰ ক্ৰিকেটাৰ নিলামত আছে৷ অধীৰ অপেক্ষাৰ পিছত তেওঁলোকে গম পাব আঠটা দলৰ কোনটো দলক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব৷ নতুন পৰিচয়ৰে নতুন লীগ খেলাৰ অভিজ্ঞতাও তেওঁলোকে পাব৷ নিজৰ দক্ষতা বিশ্বত প্ৰতিফলিত কৰাৰ এয়া সুন্দৰ সুযোগ৷’

অহা এক আগষ্টৰ পৰা হ’বলগা উদ্বোধনী বৰ্ষৰ এ পি এলত খেলিব লগা আঠটা দল হ’ল ঃ যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, বৰাক লেজেণ্ডছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, গুৱাহাটী ৰয়েলছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছ৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande