
নতুন দিল্লী, ১৭ জুলাই (হি.স.)। হকী ইণ্ডিয়াই শুকুৰবাৰে বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ মহিলা হকী বিশ্বকাপ ২০২৬ৰ বাবে ২০ জনীয়া ভাৰতীয় দল ঘোষণা কৰে। অভিজ্ঞ মিডফিল্ডাৰ ছালিমা টেটেক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। মুখ্য প্ৰশিক্ষক শ্বোয়াৰ্ড মাৰিজনে নিৰ্বাচিত দলটোক অভিজ্ঞতা আৰু যুৱক-যুৱতীৰ সুষম মিশ্ৰণ বুলি অভিহিত কৰে।
২০২৬ চনৰ ১৫ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বেলজিয়াম আৰু নেদাৰলেণ্ডে যৌথভাৱে আয়োজন কৰিব মহিলা হকী বিশ্বকাপ।বৰ্তমান বেংগালুৰুৰ ৰাষ্ট্ৰীয় শিবিৰত প্ৰস্তুতি চলাইছে ভাৰতীয় দলটোৱে।
নেচনছ কাপ বিজয়ী দলটোৰ ওপৰত আত্মবিশ্বাস
যোৱা মাহত নিউজিলেণ্ডত অনুষ্ঠিত এফ আই এইচ নেচনছ কাপত ভাৰতীয় দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই অপৰাজিত হৈ খিতাপ দখল কৰে। সেই প্ৰদৰ্শনৰ পৰা অনুপ্ৰাণিত হৈ বিশ্বকাপৰ বাবে নিৰ্বাচিত দলটোত কেইবাজনো খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে।
পুল ডিত ভাৰতৰ প্ৰত্যাহ্বান
বিশ্বকাপত চীন, ইংলেণ্ড, দক্ষিণ আফ্ৰিকাৰ সৈতে ভাৰতক পুল ডিত স্থান দিয়া হৈছে। ভাৰতীয় দলটোৱে গ্ৰুপৰ সকলো খেল নেদাৰলেণ্ডৰ আমষ্টেলভিনৰ ৱেগনাৰ হকী ষ্টেডিয়ামত খেলিব।
১৬ আগষ্টত চীনৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব, তাৰ পিছত ১৮ আগষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰু ২০ আগষ্টত ইংলেণ্ডৰ বিৰুদ্ধে খেল অনুষ্ঠিত হ’ব।
মুখ্য প্ৰশিক্ষক শ্বোয়াৰ্ড মাৰিজেনে কয়, আমি এটা সুষম দল বাছি লৈছো যিটো এই গ্ৰীষ্মকালত ডাঙৰ প্ৰত্যাহ্বানৰ বাবে সম্পূৰ্ণৰূপে সাজু। খেলুৱৈসকলে প্ৰতিযোগিতাখনৰ পূৰ্বে কঠোৰ পৰিশ্ৰম কৰিছে, আৰু তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আমি আটাইতকৈ ডাঙৰ মঞ্চত আমাৰ শ্ৰেষ্ঠখিনি দিব বিচাৰো, বিশ্বৰ শ্ৰেষ্ঠ দলৰ বিৰুদ্ধে খেলি।
ভাৰতীয় দল
গ’লৰক্ষক : সবিতা, বিচু দেৱী খাৰিবাম
ডিফেণ্ডাৰ : ইশিকা চৌধুৰী, সুশীলা চানু পুখ্ৰাম্বম, লালথানথলুৱাঙী, জ্যোতি, শিল্পী দবাছ
মিডফিল্ডাৰ : ছালিমা টেটে (অধিনায়ক), নিকি প্ৰধান, সাক্ষী ৰানা, সুনেলিতা টপ্পো, নেহা, দীপিকা সোৰেং
ফৰৱাৰ্ড : লালৰেমচিয়ামি, ৰুতুজা দাদাশো পিছাল, নৱনীত কৌৰ, দীপিকা, ইশিকা, বলজিৎ কৌৰ, বিউটি ডাংডুং।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ