
বিশ্বনাথ, ১৬ জুলাই (হি.স.): অসমৰ ক্ৰীড়া জগতলৈ কঢ়িয়াই আনিলে এক সু-খবৰ । স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ ২০২৬ (Commonwealth Games 2026) ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ প্ৰতিভাৱান পেৰা-চাইক্লিষ্ট লীছা দাস । মাত্ৰ ১৬ বছৰ বয়সতে লীছাই সমগ্ৰ ভাৰতীয় দলটোৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে এক অনন্য কীৰ্তিমান গঢ়িবলৈ সক্ষম হৈছে। তেওঁ এই ক্ৰীড়া মহোৎসৱত পেৰা ট্ৰেক চাইক্লিং ইভেণ্টৰ মহিলা চি৫ (Women's C5) বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিব ।
উল্লেখ্য় যে ২০১০ চনৰ ৮ জুনত জন্মগ্ৰহণ কৰা লীছা দাস তেজপুৰ খেলমাটিৰ নিৰ্মল দাস আৰু ৰুক্মিণী ভূমিজ দাসৰ জীয়ৰী । বৰ্তমান তেওঁ বিশ্বনাথ পিএম শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী। সোঁহাতৰ বিশেষভাৱে সক্ষমতা তথা শাৰীৰিক প্ৰত্যাহ্বানক হেলাৰঙে নেওচি লীছাই প্ৰমাণ কৰিলে যে,দৃঢ় ইচ্ছা আৰু একাগ্ৰতা থাকিলে জীৱনত অসাধ্য একোৱেই নাই । উল্লেখ্য যে, লীছাৰ এই ঐতিহাসিক সাফল্যত বিশ্বনাথ জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলখনত বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ কুমাৰ বাৰ্মাই লীছাৰ এই অবিশ্বাস্য যাত্ৰাক ভূয়সী প্ৰশংসা কৰি অভিনন্দন জ্ঞাপন কৰে । তেওঁ লগতে কয় যে, লীছাৰ এই সফলতা কেৱল বিদ্যালয়খনৰ বাবেই নহয়, সমগ্ৰ অসম তথা দেশৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। নৱোদয় পৰিয়ালে তেওঁৰ অনাহগত সময়ত স্বৰ্ণ জয়ৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে ।
গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ কমনৱেলথ গেমছত লীছা দাসৰ উপৰিও অসমৰ আন তিনিগৰাকী অভিজ্ঞ ক্ৰীড়াবিদে ভাৰতীয় দলত স্থান লাভ কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে, লীছাই ২০২৫ চনত ৰাষ্ট্ৰীয় পেৰা ৰোড চাইক্লিং প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে । লান্না কাপত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে কোৰাট কাপত ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয়। ইপিনে এছিয়ান পেৰা ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত ২ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে লীছাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ