চুৰি সোণসহ চাৰি গভাইত চোৰ কৰায়ত্ত শিৱসাগৰ আৰক্ষীৰ
চুৰি চক্ৰৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান।
চুৰি সোণসহ চাৰি গভাইত চোৰ কৰায়ত্ত শিৱসাগৰ আৰক্ষীৰ


শিৱসাগৰ, ০৯ জুন (হি.স.): চুৰি চক্ৰৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই ১২.৮ গ্ৰাম সোণসহ চাৰিটা গভাইত চোৰ গ্ৰেপ্তাৰ কৰে । চোৰ কেইটাৰ নাম ইছফাক আহমেদ ওৰফে সৰু, বাবুল আলী, দিলৱাৰ হুছেইন আৰু উত্তম গুচাই বুলি জানিব পৰা গৈছে ।

উল্লেখ্য় যে ২২ মে'ত শিৱসাগৰ দ-গাঁৱৰ লক্ষী বৰপাত্ৰগোঁহাই নামৰ লোকজনৰ বাসগৃহৰ পৰা সোণৰ গহণা চুৰি কৰি নিছিল চোৰ কেইটাই । ঘৰত কোনো নথকাৰ সময়ত ঘৰৰ গ্ৰীল ভাঙি চুৰি কৰিছিল সোণৰ অলংকাৰ । সোণৰ চেইনসহ কেইবাপদো গহণা চুৰি কৰি জুৱেলাৰী বিপনীত বিক্ৰী কৰিছিল । জানিব পৰামতে, চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা উত্তম গুচাইয়ে মৰাণহাটস্থিত জুৱেলাৰীত সোণাৰি হিচাপে কৰ্মৰত হৈ আছে । মন কৰিবলগীয়া যে চুৰি সোণৰ গহণা সমূহ গলাই দিছিল চোৰ কেইটাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande