
নগাঁও, ০৯ জুন (হি.স.): নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । নগাঁৱৰ ৰূপহীহাটৰ লতাবোৱাত যোৱা কালি সোমবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত ২৪টা ড্ৰাগছ ভৰ্ত্তি কণ্টেনাৰ আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰে।
অভিযানৰ সময়ত আৰক্ষীয়ে মুঠ ৩৬.৮৮ গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰে। এই সন্দৰ্ভত জব্দ কৰা এএছ ০২ জেড ৯০০২ নম্বৰৰ চাৰিচকীয়া বাহন খনৰে ড্ৰাগছ সৰৱৰাহ কৰাৰ সময়তে আৰক্ষীৰ তালাচী অভিযানত ধৰা পৰে। ঘটনাৰ সৈতে জড়িত জাবেদ আলী আৰু আফতাব আলীক আটক কৰে আৰক্ষীয়ে । দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ