
ইছলামাবাদ, ০৮ জুন (হি.স.)। ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সকলো পক্ষকে সংযম আৰু কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্বৰীফে কয় যে শেহতীয়া পৰিঘটনাই স্পষ্ট কৰি দিছে যে যুদ্ধবিৰতিৰ পৰিস্থিতি কিমান স্পৰ্শকাতৰ হ’ব পাৰে আৰু পৰিস্থিতি কিমান সোনকালে অৱনতি ঘটিব পাৰে। তেওঁ জোৰ দি কয় যে অঞ্চলটোত স্থিতিশীলতা বজাই ৰাখিবলৈ সংশ্লিষ্ট সকলো পক্ষই দায়িত্ব আৰু ধৈৰ্য্য প্ৰদৰ্শন কৰিব লাগিব।
শ্বৰীফে কয় যে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে বিভিন্ন পৰ্যায়ত আলোচনা আৰু যোগাযোগ চলি আছে, আৰু সমাধানৰ দিশত অগ্ৰগতিৰ সম্ভাৱনা এতিয়াও আছে। আলোচনা আৰু কূটনীতিৰ জৰিয়তে সাম্প্ৰতিক সংকটৰ শান্তিপূৰ্ণ সমাধান লাভ কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ দেশখনে বন্ধু-বান্ধৱ আৰু অংশীদাৰৰ সৈতে কাম কৰি উত্তেজনা হ্ৰাস কৰাৰ লগতে বিবাদ শান্তিপূৰ্ণভাৱে সমাধানৰ প্ৰচেষ্টাক সমৰ্থন কৰি যাব। তেওঁ সকীয়াই দিয়ে যে বৰ্তমানৰ পৰিস্থিতিত কোনো ধৰণৰ নতুন সামৰিক পদক্ষেপৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়, কিয়নো ইয়াৰ ফলত আঞ্চলিক নিৰাপত্তা আৰু স্থিতিশীলতাত বিৰূপ প্ৰভাৱ পৰিব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া