
কাঠমাণ্ডু, ০৮ জুন (হি.স.)। নেপালৰ বিৰোধী দলসমূহৰ অবিৰত প্ৰতিবাদৰ বাবে প্ৰতিনিধি সদনৰ বৈঠক মঙলবাৰৰ বাবে পুনৰ নিৰ্ধাৰণ কৰা হৈছে।
ফেডাৰেল সংসদৰ সচিবালয়ে জাৰি কৰা জাননী অনুসৰি মঙলবাৰে দিনৰ ১ বজাত সদনৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব। সোমবাৰে প্ৰথমে ১৫ মিনিটৰ বাবে বৈঠক স্থগিত ৰখা হৈছিল যদিও সদনৰ ভিতৰত চলি থকা প্ৰতিবাদৰ বাবে কাৰ্যসূচী আগবাঢ়িব পৰা নাছিল। পৰৱৰ্তী সময়ত সভাখন পিছদিনালৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়।
সংসদ সচিবালয়ে কয় যে প্ৰতিনিধি সদনৰ নিয়মৰ ৬(৩) ধাৰাত “বিশেষ পৰিস্থিতি”ৰ বাবে এই বৈঠক নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰিব পৰা নগ’ল। ইয়াৰ পূৰ্বে সীমা বিবাদ আৰু ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব সন্দৰ্ভত প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ বক্তব্যৰ বিৰুদ্ধে বিৰোধী সাংসদসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে।
বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰীক সংসদত উপস্থিত হৈ তেওঁৰ বক্তব্য ব্যাখ্যা কৰিবলৈ, সদনত ক্ষমা বিচাৰিবলৈ আৰু তেওঁৰ বিতৰ্কিত মন্তব্যসমূহ সংসদৰ অভিলেখৰ পৰা মচি পেলাবলৈ দাবী জনাইছে। শাসক আৰু বিৰোধী দলৰ মাজত এতিয়াও কোনো একমত হোৱা নাই, যাৰ ফলত কেইবাদিনো ধৰি সংসদীয় অচলাৱস্থাৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া