
বাগদাদ, ০৮ জুন (হি.স.)। ইৰাকত দেওবাৰে যাত্ৰী কঢ়িয়াই অনা বাছ বাগৰি যোৱাত ২১ জন লোক নিহত হোৱাৰ লগতে ১৯ জন আহত হয়। নাচিৰিয়া আৰু বাছৰা সংযোগী ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। নিহতসকলৰ ভিতৰত আছে দুজন ইৰাণী নাগৰিক।
ইৰাকৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি চীনৰ চৰকাৰী সংবাদ সংস্থা জিনহুয়া আৰু তুৰস্কৰ চৰকাৰী আনাডোলু এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ পিছত স্বাস্থ্য মন্ত্ৰী আব্দুল হুছেইন আল মুছাউইয়ে পৰিস্থিতি নিৰীক্ষণ আৰম্ভ কৰিছে। তেওঁ চিকিৎসা, স্বাস্থ্য, আৰু এম্বুলেন্সৰ দলসমূহক হাই এলাৰ্টত থাকিবলৈ আৰু আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।
মন্ত্ৰালয়ৰ মুখপাত্ৰ ছাইফ আল বদৰে এক অডিঅ’ বিবৃতিত কয় যে ছিয়া তীৰ্থযাত্ৰী কঢ়িয়াই অনা যাত্ৰীবাহী বাছ এখন ইন্ধন ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত অগ্নিকাণ্ডৰ ফলত কেইবাজনো লোক জ্বলি ছাই হয়। মৃতদেহ চিনাক্তকৰণৰ বাবে ফৰেনছিক বিষয়াৰ এটা দল মোতায়েন কৰা হৈছে।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰাথমিক প্ৰতিবেদনত ২১ জন লোকৰ মৃত্যু আৰু ১৯ জন আহত হোৱা বুলি নিশ্চিত কৰা হৈছে। আহতসকলৰ ভিতৰত ইৰাণৰ একাংশ যাত্ৰীও আছিল যদিও সঠিক সংখ্যা এতিয়াও প্ৰকাশ কৰা হোৱা নাই। আহত আটাইকেইজনক ওচৰৰ চিকিৎসালয় আৰু চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰা হৈছে।
ইফালে ইৰাকৰ যান-বাহন আৰক্ষীৰ কৰ্ণেল কৰিম আল-মুছাউইয়ে ছিনহুয়াক জনোৱা মতে, বাছখনে মধ্য ইৰাকৰ পবিত্ৰ স্থান কাৰ্বালা আৰু নাজাফৰ পৰা ইৰাকৰ দক্ষিণ প্ৰদেশ বাছৰালৈ উভতি আহি থকা অৱস্থাত তীব্ৰ গতিৰ বাবে এখন ইন্ধন ট্ৰাকৰ সৈতে খুন্দা মাৰে।
ইৰাকৰ প্ৰধানমন্ত্ৰী আলী আল-জাইদীয়ে এই দুৰ্ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি তেওঁ স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সহযোগত সাহায্য আৰু উদ্ধাৰ অভিযানৰ ওপৰত নজৰ ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া