
মাস্কাট/ইস্তানবুল, ০৮ জুন (হি.স.): ওমানৰ উপকূল আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ জলদ্বীপৰ ওচৰত বিস্ফোৰণৰ পিছত উদ্ধাৰ কৰা হৈছে এখন বাণিজ্যিক তেল টেংকাৰত থকা ২৪ জন ক্ৰু সদস্য, আটাইকেইজন ভাৰতীয়। প্ৰাৰম্ভিক খবৰ অনুসৰি ড্ৰোন বা মিছাইল আক্ৰমণৰ সন্দেহ কৰা হৈছে।
ওমানৰ সংবাদ সংস্থা আৰব টাইমছ কুৱেইট আৰু তুৰস্কৰ চৰকাৰী সংবাদ সংস্থা আনাডোলু এজেন্সীৰ মতে, পালাউৰ পতাকা থকা তেল আৰু ৰাসায়নিক টেংকাৰ এম টি মেৰিভেক্সে ওমানৰ উপকূলৰ পৰা প্ৰায় ১৫ নটিকেল মাইল দূৰত্বত যাত্ৰা কৰি থকা অৱস্থাত জাহাজখনত এক শক্তিশালী বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ ফলত ইঞ্জিন ৰুমৰ ভয়াৱহ ক্ষতি হোৱাৰ লগতে অগ্নিকাণ্ড সংঘটিত হয়।
বিস্ফোৰণৰ ফলত ইঞ্জিনৰ ডবাত এটা ডাঙৰ ফুটা হৈ জাহাজখন দ্ৰুতগতিত পানীৰে ভৰি পৰে আৰু ইয়াৰ ভাৰসাম্য বিঘ্নিত হয়। জুই বিয়পি পৰা আৰু বানপানীৰ বাবেও একাংশ নাৱিক জাহাজত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। জাহাজখনৰ লাইফবোটৰ ক্ষতিসাধন হোৱাৰ ফলত পৰিস্থিতি আৰু জটিল হৈ পৰে, যাৰ ফলত উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হয়।
ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সঞ্চালক ওপেশ কুমাৰ শৰ্মাৰ উদ্ধৃতিৰে আনাডোলু এজেন্সীয়ে কয় যে ভাৰতীয় সময় অনুসৰি প্ৰায় ১:৩০ বজাত এম টি মেৰিভেক্স জাহাজত সংঘটিত হয় এই ঘটনা। শেহতীয়া তথ্য অনুসৰি সকলো ক্ৰু মেম্বাৰ সুৰক্ষিত। ইয়াৰ পূৰ্বে ভাৰতীয় ফৰৱাৰ্ড নাৱিক সংঘইও নিশ্চিত কৰিছিল যে ভাৰতীয় নাগৰিক জাহাজত আছে আৰু তাৎক্ষণিক সহায়ৰ প্ৰয়োজন।
হৰমুজ জলদ্বীপক আগুৰি থকা সামুদ্ৰিক অঞ্চলটোৱে নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। এই জলপথটোক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল আৰু বাণিজ্যিক জাহাজ পথ হিচাপে গণ্য কৰা হয়, য’ত যোৱা কেইমাহমানত আঞ্চলিক উত্তেজনা আৰু সামুদ্ৰিক সুৰক্ষাৰ চিন্তা বৃদ্ধি পাইছে।
বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও উল্লেখ কৰা নাই বিষয়াসকলে। তদন্ত চলি আছে, আৰু সামুদ্ৰিক নিৰাপত্তা সংস্থাসমূহে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ভাৰতীয় বিষয়াসকলে উল্লেখ কৰিছে যে তেওঁলোকে জাহাজখন আৰু ইয়াৰ ক্ৰুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে যোগাযোগ কৰি আছে। বৰ্তমান সকলো ভাৰতীয় ক্ৰু মেম্বাৰ সুৰক্ষিত বুলি নিশ্চিত কৰাটোৱে সকাহ দিছে, আনহাতে ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত চলি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া