একতাই প্ৰতিটো লক্ষ্য সম্ভৱ কৰি তোলে; সামূহিক সংকল্প সফলতাৰ ভেটিঃ প্ৰধানমন্ত্ৰী মোডী
নতুন দিল্লী, ৩০ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যেতিয়া আমাৰ সংকল্প, চিন্তা, অনুভূতি একত্ৰিত হয় তেতিয়া প্ৰতিটো কাম সফল হয়। তেওঁ দেশবাসীক ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ আৰু যৌথভাৱে ভাৰতৰ প্ৰতিটো লক্ষ্যত উপনীত হ’বলৈ আহ্বান জনায়। প
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


নতুন দিল্লী, ৩০ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যেতিয়া আমাৰ সংকল্প, চিন্তা, অনুভূতি একত্ৰিত হয় তেতিয়া প্ৰতিটো কাম সফল হয়। তেওঁ দেশবাসীক ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ আৰু যৌথভাৱে ভাৰতৰ প্ৰতিটো লক্ষ্যত উপনীত হ’বলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে এক্সত সংস্কৃত হিতোপদেশ এটা শ্বেয়াৰ কৰে: সমানো মন্ত্ৰ সমিতি: সমানি সমনম মনঃ সহ চিত্তমেশম। সমনম মন্ত্ৰমম্ভি মন্ত্ৰে ৱ: সমনেন ভো হৱিশা জুহোমি।

এই হিতোপদেশৰ অৰ্থ হ’ল যেতিয়া এখন সমাজত মানুহৰ সংকল্প, চিন্তা, অনুভূতি একত্ৰিত হয়, তেতিয়া সামূহিক প্ৰচেষ্টাই প্ৰতিটো কামৰ সফলতা নিশ্চিত কৰে। ঐক্যই জাতিৰ সৰ্বোচ্চ শক্তি, আৰু এই মনোভাৱেৰে প্ৰগতি আৰু ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হ’ব পাৰি।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande