
যোৰহাট, ৩০ জুন (হি.স.)। যোৰহাটত চুলাই খাবলৈ গৈ যুৱকৰ ৰহস্যজনক মৃত্যু
যোৰহাটৰ যাদৱপুৰ চাহ বাগিচাৰ শিৱা কৰ্মকাৰ নামৰ এজন যুৱকৰ মৃতদেহ চুলাই মদ প্ৰস্তুত কৰা ৰিতু কৰ্মকাৰৰ ঘৰৰ পুখুৰীত উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত বছৰ বছৰ ধৰি যোৰহাটৰ এই বিশেষ এলেকাত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। কিন্তু এই বিশেষ এলেকা অবৈধ সুৰাৰ বেহাৰ পৰা মুক্ত কৰাত আৰক্ষীৰ নিৰ্লিপ্ততাহে পৰিলক্ষিত হৈছে। এই ঘটনাৰ পিছত স্থানীয় লোকৰ প্ৰশ্ন, যাদৱপুৰ চাহ বাগিচাত অবৈধ চুলাই ভাটি কাৰ ছত্ৰছায়াত চলি আছে?আৰক্ষীৰ নাকৰ তলতে চলিছে চুলাই মদৰ অবাধ বেহা।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু