
নতুন দিল্লী, ৩০ জুন (হি.স.)। কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে উত্তৰ-পূৰ্বাঞ্চলত দুদিনীয়াকৈ ভ্ৰমণ কৰিব। চৌহানে ৩০ জুনত দিল্লীৰ পৰা ৰাওনা হ’ব আৰু সেইদিনা অসমৰ ৰাজধানী গুৱাহাটীত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব। ইয়াৰ পিছতে তেওঁ ১ জুলাইত অৰুণাচল প্ৰদেশৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি পোনপটীয়াকৈ ভূমিৰ পৰিস্থিতিৰ বুজ ল’ব।
মঙলবাৰে কৃষি মন্ত্ৰালয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰে বানপীড়িত অঞ্চলসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে আৰু সাহায্য আৰু পুনৰ্বাসন ক্ষিপ্ৰতাৰে স্থলভাগতে সিদ্ধান্ত গ্ৰহণ কৰাৰ মনস্থ কৰিছে। অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিক গুৰুত্বসহকাৰে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৎকালীনভাৱে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক ভূমি পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।
নিৰ্ধাৰিত সময়ত ৩০ জুনত দিল্লীৰ পৰা যাত্ৰা কৰি সেইদিনা অসমৰ ৰাজধানী গুৱাহাটীত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ’ব চৌহানে। এই বৈঠকত অসম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ শস্য, গাঁও, আৰু আন্তঃগাঁথনিৰ ওপৰত বানপানীৰ প্ৰভাৱ, চলি থকা সাহায্য অভিযানৰ গতি, আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব।
অসম পৰ্যালোচনাৰ অন্তত শিৱৰাজ সিং চৌহানে ১ জুলাইত অৰুণাচল প্ৰদেশৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিব, য’ত তেওঁ আকাশী আৰু স্থল জৰীপ কৰি বানাক্ৰান্ত গাঁও, পথাৰ, সাহায্য শিবিৰৰ পৰিস্থিতি নিবিড়ভাৱে মূল্যায়ন কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানাক্ৰান্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট, আৰু যুৱক-যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে প্ৰদান কৰা সাহায্যৰ ফলপ্ৰসূতা আৰু তৎকালীনভাৱে কি অতিৰিক্ত ব্যৱস্থাৰ প্ৰয়োজন সেই বিষয়ে বুজিব। একেদিনাই তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, উচ্চপদস্থ বিষয়া, আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হৈ শস্যৰ ক্ষতিৰ মূল্যায়ন, কৃষকক ক্ষতিপূৰণ আৰু শস্যৰ বীমা প্ৰদান, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং, আৰু মথাউৰি মেৰামতিৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশল সম্পৰ্কে আলোচনা কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া