যোগীঘোপাৰ নৰনাৰায়ণ সেতুত ৰে'লৱে লাইনত কৰ্মৰত অস্থায়ী শ্ৰমিকৰ নাই কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা
বঙাইগাঁও, ৩০ জুন (হি.স.)। যোগীঘোপাত ৰেল বিভাগৰ কামত ঠিকাদাৰৰ চৰম হেমাহি। যোগীঘোপাৰ নৰনাৰায়ণ সেতুত ৰে''লৱে লাইনত কৰ্মৰত অস্থায়ী শ্ৰমিকৰ নাই কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা। শ্ৰমিকৰ কাম কৰিবলৈ নাই নূন্যতম সুৰক্ষাও। শ্ৰমিক কাম কৰিবলৈ হেলমেট, প্ৰতিফ
যোগীঘোপাৰ নৰনাৰায়ণ সেতুত ৰে'লৱে লাইনত কৰ্মৰত অস্থায়ী শ্ৰমিকৰ নাই কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা


বঙাইগাঁও, ৩০ জুন (হি.স.)। যোগীঘোপাত ৰেল বিভাগৰ কামত ঠিকাদাৰৰ চৰম হেমাহি।

যোগীঘোপাৰ নৰনাৰায়ণ সেতুত ৰে'লৱে লাইনত কৰ্মৰত অস্থায়ী শ্ৰমিকৰ নাই কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা।

শ্ৰমিকৰ কাম কৰিবলৈ নাই নূন্যতম সুৰক্ষাও।

শ্ৰমিক কাম কৰিবলৈ হেলমেট, প্ৰতিফলিত জেকেট, লাইভ জেকেট, গ্লভছ, সুৰক্ষা জোতা আদি নাই ব্যৱস্থা।

ঠিকাদাৰ লাল বাহাদুৰে শ্ৰমিকৰ বাবে দিয়া নাই নিৰাপত্তাৰ বাবে নূন্যতম সুবিধা।

ঠিকাদাৰৰ লগতে ৰেল বিভাগৰ চূড়ান্ত গাফিলতি।

ৰেললাইনৰ ট্ৰেকত কাম কৰিলে ৰেলবিভাগৰ কৰ্মচাৰী নিয়োজিত হৈ থাকিব লাগে।

সঠিক সংকেত সুৰক্ষা আৰু অনুমতি অবিহনে ট্ৰেকত কাম কৰা সম্পূৰ্ণ নিষিদ্ধ।

নীতি -নিয়ম উলংঘা কৰি শ্ৰমিকক কাম কৰিবলৈ দিয়াৰ ফলত সোমবাৰে দুজনকৈ শ্ৰমিক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'বলগীয়া হৈছিল।

শ্ৰমিকৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে শ্ৰমিকৰ নিৰাপত্তাৰ দিশটো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande