দুলীয়াজানত জুবিন ফেণ্ড ক্লাবৰ উদ্যোগত প্ৰশংসনীয় পদক্ষেপ
ডিব্ৰুগড়, ৩০ জুন (হি.স.)। দুলীয়াজানত জুবিন ফেণ্ড ক্লাবৰ উদ্যোগত প্ৰশংসনীয় পদক্ষেপ। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতে অৰণ্য মানৱ যাদৱ পায়েং। প্ৰথমে দুলীয়াজানৰ মৃণালজ্যোতি
দুলীয়াজানত জুবিন ফেণ্ড ক্লাবৰ উদ্যোগত প্ৰশংসনীয় পদক্ষেপ


ডিব্ৰুগড়, ৩০ জুন (হি.স.)। দুলীয়াজানত জুবিন ফেণ্ড ক্লাবৰ উদ্যোগত প্ৰশংসনীয় পদক্ষেপ। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতে অৰণ্য মানৱ যাদৱ পায়েং। প্ৰথমে দুলীয়াজানৰ মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰত নাহৰ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তাৰপিছতেই বিশেষভাৱে সক্ষম মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱক সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে গৰিমা গাৰ্গে।

গৰিমা গাৰ্গে ভাষণত কয় যে জুবিন গাৰ্গে গছ বহুত ভাল পাইছিল আৰু তেওঁ গছপুলি ৰোপণ কৰি অসমখন সেউজীয়া হৈ থকাটো বিচাৰিছিল। জুবিন গাৰ্গে বিচৰা হ'লে বলিউডত কাম কৰি থাকিব পাৰিলেহেতেন কিন্তু তেওঁ সেইটো নকৰি অসম আৰু অসমীয়াৰ বাবে কাম কৰি গ'ল । জুবিন গাৰ্গে ২০ বছৰ বয়সত দুলীয়াজানৰ টিপলিঙত প্ৰথমখন বিহু মঞ্চত অনুষ্ঠান কৰিছিল । সেই অনুষ্ঠানৰ বিষয়ে প্ৰায়ে জুবিন গাৰ্গে গৰিমাক কৈছিল বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকি অৰণ্য মানৱ যাদৱ পায়েঙে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। নিশা দুলীয়াজানৰ নতুন বাছ আস্থানত অনুষ্ঠিত এক সংগীতানুষ্ঠানত অংশ কৰে গৰিমা গাৰ্গে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande