
মথুৰা, ৩০ জুন (হি.স.)। উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত আজি পুৱা প্ৰায় ৩:৩০ বজাত লক্ষ্ণৌৰ পৰা দিল্লীলৈ যোৱা এখন দ্ৰুতবেগী ভলভো বাছে সন্মুখৰ শিলগুটিৰে ভৰা ট্ৰেইলাৰত খুন্দা মাৰে। এই ঘটনাত চাৰিজন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২০ জন আহত হয়।
ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ হৈ পৰিছিল যে বাছখনৰ সন্মুখৰ অংশটো ট্ৰেইলাৰে সম্পূৰ্ণৰূপে থেতেলিয়াই পেলাইছিল।
ৰায়া কাটৰ প্ৰায় দুই কিলোমিটাৰ পূৰ্বে এক্সপ্ৰেছৱেৰ ১১২ আৰু ১১৩ নং মাইলৰ খুঁটিৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোৱে ব্যাপক বিশৃংখলতাৰ সৃষ্টি কৰে। লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ, এছডিআৰএফ, প্ৰশাসনৰ দল উপস্থিত হয়। স্থানীয় ৰাইজৰ সহযোগত আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰি আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়।
আৰক্ষী অধীক্ষক (গ্ৰাম্য) সুৰেশ চন্দ্ৰ ৰাৱটে জনোৱা মতে, শিলগুটি ভৰ্তি ট্ৰেইলাৰখন নিজৰ লেনত গতি কৰি থকা অৱস্থাত পিছফালৰ পৰা অহা গোলা বাছ সেৱাৰ ভলভো বাছ এখনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেইলাৰত খুন্দা মাৰে। পুৱা ৩:৩৫ বজাত নিয়ন্ত্ৰণ কক্ষই দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে ৮খন পি আৰ বি আৰু ১২খন এম্বুলেন্স ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। আহতসকলক চিকিৎসালয়লৈ ক্ষিপ্ৰতাৰে কঢ়িয়াই নিব পৰাকৈ এটা সেউজীয়া কৰিডৰো সৃষ্টি কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া