
গোলাঘাট, ৩০ জুন (হি.স.)। খুমটাইত ধোদৰ আলি অৱৰোধ। শাওতলী চাৰিআলিত ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদ শ শ জনতাৰ । যোৱা ২৯ মে' তাৰিখে ধনশিৰি নদীত মৃত্যু হৈছিল ৰাজ কালিন্দী নামৰ এজন যুৱকৰ ।
গা ধুবলৈ গৈ মৃত্যু হোৱা যুৱকজনক লগত যোৱা তিনিজন বন্ধুৱে হত্যা কৰাৰ সন্দেহ ৰাইজৰ । আজিকোপতি উদ্ধাৰ নহ'ল ৰাজ কালিন্দীৰ মৃতদেহো । তিনিজন দোষীক গ্ৰেপ্তাৰ কৰি মৃতদেহ উদ্ধাৰৰ ক্ষেত্ৰত প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবীত ৰাজপথ অৱৰোধ শ শ জনতাৰ । বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। ধোদৰ আলিত বন্দী হৈ বহু যান-বাহন ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা