হালদিয়া শোধনাগাৰৰ নাফ্থা পাইপলাইনত অগ্নিকাণ্ড, আহত কেইবাজনো শ্ৰমিক; ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল
কলকাতা, ৩০ জুন (হি.স.)। পশ্চিমবংগৰ পূব মেদিনীপুৰ জিলাৰ হালদিয়া শোধনাগাৰ পৰিসৰত মঙলবাৰে পুৱাই নাফ্থা পাইপলাইনত অগ্নিকাণ্ড সংঘটিত হৈ আতংকৰ সৃষ্টি কৰে। এই ঘটনাত কেইবাজনো শ্ৰমিক আহত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে বহু
हल्दिया रिफाइनरी में लगी आग


কলকাতা, ৩০ জুন (হি.স.)। পশ্চিমবংগৰ পূব মেদিনীপুৰ জিলাৰ হালদিয়া শোধনাগাৰ পৰিসৰত মঙলবাৰে পুৱাই নাফ্থা পাইপলাইনত অগ্নিকাণ্ড সংঘটিত হৈ আতংকৰ সৃষ্টি কৰে। এই ঘটনাত কেইবাজনো শ্ৰমিক আহত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

মঙলবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। হালদিয়া শোধনাগাৰৰ নাফ্থা পৰিবহণ পাইপলাইনত হঠাতে অগ্নিকাণ্ড সংঘটিত হয় আৰু দ্ৰুতগতিত বিয়পি পৰি তীব্ৰ অগ্নিকাণ্ডলৈ পৰিণত হয়। সন্দেহ কৰা হৈছে যে পাইপলাইন ফাটি যোৱাৰ ফলত নাফ্থা লিক হোৱাৰ ফলত জুইৰ সূত্ৰপাত হয়। অৱশ্যে অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ওচৰতে কৰ্মৰত কেইবাজনো শ্ৰমিক জুইৰ শিখাত ভয়ংকৰভাৱে অগ্নিদগ্ধ হয়। লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰি আহতসকলক হালদিয়া মহকুমা চিকিৎসালয়লৈ লৈ যায়। গুৰুতৰভাৱে আহত একাংশ শ্ৰমিকক উন্নত চিকিৎসাৰ বাবে তামলুক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

যিহেতু এই ঘটনাটো হালদিয়া-পান্সকুৰা ৰে’লপথৰ সমীপত সংঘটিত হৈছিল, সেয়েহে কিছুদিনলৈ ৰে’ল যাতায়ততো ক্ষতিগ্ৰস্ত হৈছিল। তথ্য লাভ কৰাৰ লগে লগে দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে। পিছত ঘটনাস্থলীলৈ অতিৰিক্ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী প্ৰেৰণ কৰা হয়। বাতৰি লিখাৰ সময়লৈকে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাছিল।

ইফালে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত শোধনাগাৰ পৰিচালনা সমিতিয়ে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। প্ৰশাসন আৰু আনুষংগিক সংস্থাসমূহে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande