
গুৱাহাটী, ৩০ জুন (হি.স.)। গুৱাহাটী আৰক্ষীয়ে মহানগৰীৰ খাৰঘুলি অঞ্চলত ৩৭ কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰিছে। এই সোণৰ বিস্কুটৰ মূল্য প্ৰায় ৫২ কোটি টকা। এই গোচৰৰ সৈতে জড়িত মহাৰাষ্ট্ৰৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, সোণসহ অক্ষয় বানকৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত অক্ষয় বানকৰৰ ঘৰ মহাৰাষ্ট্ৰৰ পুনেত। মুম্বাইৰ পৰা কুৰিয়াৰ ছাৰ্ভিচেৰে গুৱাহাটীলৈ আনিছিল সোণখিনি। খাৰঘূলিৰ ৰাজপথতে আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বিপুল পৰিমাণৰ সোণখিনি। গুৱাহাটীতে এজনক সোণখিনি ডেলিভাৰী দিবলৈ আহিছিল অক্ষয়ে। আন এটা পাৰ্টিক দিবলৈ সোণখিনি লৈ খাৰঘুলিলৈ গৈছিল সৰবৰাহকাৰীজন। গান্ধীবস্তিত ভাড়াতীয়া হিচাপে থাকে ডেলিভাৰী বয় অক্ষয়। সোণ সৰবৰাহকাৰী অক্ষয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৪টা মোবাইল ফোন।
প্ৰাথমিক তদন্তৰ পৰা এই চোৰাং সৰৱৰাহ অভিযানত এটা সংগঠিত গেং জড়িত থকাৰ কথা প্ৰকাশ পাইছে। আৰক্ষীয়ে হাৱালা নেটৱৰ্ক আৰু সোণৰ যোগানৰ লগত জড়িত সমগ্ৰ ব্যৱস্থাৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া