শিৱসাগৰ সদৰত ভয়ংকৰ পথ দুৰ্ঘটনা
শিৱসাগৰ, ৩০ জুন (হি.স.)। শিৱসাগৰ সদৰত ভয়ংকৰ পথ দুৰ্ঘটনা। শিৱসাগৰ নগৰৰ মাজমজিয়াৰ পশ্চিম যমুনা ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, এন এল ০১ এ এফ ৫৬৬৭ নম্বৰৰ এখন পঞ্জাৱ বডিৰ মালবাহী ট্ৰাকে পথৰ ওপৰত থকা এজোপা গছৰ ডাল মহটিয়াই
শিৱসাগৰ সদৰত ভয়ংকৰ পথ দুৰ্ঘটনা


শিৱসাগৰ, ৩০ জুন (হি.স.)। শিৱসাগৰ সদৰত ভয়ংকৰ পথ দুৰ্ঘটনা। শিৱসাগৰ নগৰৰ মাজমজিয়াৰ পশ্চিম যমুনা ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, এন এল ০১ এ এফ ৫৬৬৭ নম্বৰৰ এখন পঞ্জাৱ বডিৰ মালবাহী ট্ৰাকে পথৰ ওপৰত থকা এজোপা গছৰ ডাল মহটিয়াই ভঙাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

ভঙা গছৰ ডাল চলন্ত অৱস্থাত থকা এএছ ০৪ এ এল ০২১৫ নম্বৰৰ এখন এল্ট' বাহনৰ ওপৰত পৰে। ফলত বাহনখনৰ ব্যাপক ক্ষতি হয়।

দুৰ্ভাগ্যজনকভাৱে, বাহনখনত স্কুললৈ গৈ থকা দুগৰাকী কণমানি ছাত্ৰী আঘাতপ্ৰাপ্ত হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande