
ৱাশ্বিংটন, ০৩ জুন (হি.স.)। আমেৰিকাই স্পষ্ট কৰি দিছে যে ইৰাণৰ ওপৰত জাৰি কৰা অৰ্থনৈতিক আৰু বাণিজ্যিক নিষেধাজ্ঞা কেৱল হৰমুজ জলদ্বীপ সম্পূৰ্ণৰূপে মুকলি কৰিলেই প্ৰত্যাহাৰ কৰা নহ’ব। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে যিকোনো নিষেধাজ্ঞা সকাহৰ বাবে ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী আৰু অতি সমৃদ্ধ ইউৰেনিয়ামৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত এক সুনিৰ্দিষ্ট চুক্তিত উপনীত হ’ব লাগিব।
আমেৰিকাৰ সাংসদসকলৰ সৈতে হোৱা এক বাৰ্তালাপত ৰুবিঅ’ই কয় যে ইৰাণক হৰমুজ জলদ্বীপ মুকলি কৰাৰ বিনিময়ত নিষেধাজ্ঞা উঠাই লোৱাৰ কোনো প্ৰস্তাৱ দিয়া হোৱা নাই আৰু এনে কোনো ব্যৱস্থাও বিবেচনা কৰা হোৱা নাই। তেওঁৰ মতে, পাৰমাণৱিক কাৰ্যকলাপৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সমাজৰ উদ্বেগক সমাধান কৰিলেহে নিষেধাজ্ঞা শিথিল কৰাটো সম্ভৱ হ’ব।
ইফালে, ইৰাণৰ বিৰুদ্ধে শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলৰ সামৰিক কার্যক সফল বুলিও আখ্যা দিয়ে আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে অপাৰেচন এপিক ফিউৰিই নিজৰ প্ৰাথমিক সামৰিক লক্ষ্যত উপনীত হৈছে আৰু ইৰাণৰ প্ৰতিৰক্ষা আন্তঃগাঁথনিৰ গুৰুতৰ ক্ষতিসাধন কৰিছে।
ৰুবিঅ’ৰ মতে এই অভিযান সন্দৰ্ভত মতামত বেলেগ বেলেগ হ’ব পাৰে যদিও সামৰিকভাৱে লক্ষ্যত উপনীত হোৱাত ই সফল হৈছিল। তেওঁ দাবী কৰে যে এই কাৰ্য্যই ইৰাণৰ নৌসেনাৰ সামৰ্থ্যকো যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে।
পশ্চিম এছিয়াত উত্তেজনা হ্ৰাস আৰু সামুদ্ৰিক বাণিজ্যিক পথৰ নিৰাপত্তাৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় আলোচনা চলি থকাৰ সময়তে আমেৰিকা প্ৰশাসনৰ এই বক্তব্য প্ৰকাশ পাইছে। বিশ্বৰ শক্তি যোগানৰ বাবে হৰমুজ জলদ্বীপ অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয়, কিয়নো বিশ্বৰ তেল আৰু গেছ ৰপ্তানিৰ এক বৃহৎ অংশ ইয়াৰ মাজেৰে পাৰ হৈ যায়।
-----------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ