
মানকাচৰ, ০৩ জুন (হি.স.): অবৈধ জিৰাৰ বিৰুদ্ধে সুখচৰ আৰক্ষীয়ে অভিযান চলায় । আৰক্ষীৰ অভিযানত যোৱা কালি মঙলবাৰে সন্ধিয়া বুজন পৰিমানে অবৈধ জিৰাসহ আটক কৰা হয এজন লোক । যোৱা কালি মঙলবাৰে সন্ধিয়া সুখচৰ আৰক্ষীয়ে নাকা চেকিং চলোৱা অৱস্থাত এমএল ০৮ ই ৪২১৬ নম্বৰৰ এটা টেম্পু বাহনত জিৰা সৰৱৰাহ কৰা হৈছিল।
ইফালে সুখচৰ আৰক্ষীয়ে তালাচীৰ সময়ত সোধ পোছ কৰাত বাহন চালক গৰাকীয়ে কোনো ধৰণৰ বৈধ্য তথ্য দেখুৱাব নোৱাৰাত আৰক্ষীয়ে টেম্পুচালকসহ ১৫ বেগ অবৈধ জিৰা সমূহ জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত অবৈধ জিৰা সমূহ বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে লৈ যোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে। আটকাধীন লোকজন সুখেৰে থানা এলেকাৰ তাতিপাৰা বৰাইটাৰী গাওঁখনৰ মমিনুল ইছলাম (২৪) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। সম্প্ৰতি আৰক্ষীয়ে আটকাধীন চালকজনক সুখচৰ আৰক্ষী থানালৈ নি অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ