ডিলাইত ৬৭ লাখ টকাৰ কানি জব্দ
ডিলাইত 67 লাখ টকাৰ কানি জব্দ।
ডিলাইত ৬৭ লাখ টকাৰ কানি জব্দ


কাৰ্বি আংলং, ০৩ জুন (হি.স.): কাৰ্বি আংলং জিলাৰ ডিলাইত যোৱা কালি মঙলবাৰে বিয়লি নিষিদ্ধ মাদক দ্ৰব্য় কানি জব্দ কৰা হয় ।ডিলাই আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত জব্দ কৰা হয় ১৩ কেজি ৪৮২ গ্ৰাম কানি । জব্দ কৰা কানিখিনিৰ বজাৰ মূল্য় প্ৰায় ৬৭ লাখ টকাৰ

মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন নম্বৰ প্লেট বিহীন অ'ট ৰিক্সাৰ চিটৰ তলৰ গোপন চেম্বাৰত লুকুৱাই সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল জব্দকৃত কানি সমূহ । ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি শইকীয়াৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ কানি। ঘটনাৰ সন্দৰ্ভত দুগৰাকী মহিলা সহ আৰু তিনিজন পুৰুষক আটক কৰে ডীলাই আৰক্ষীয়ে । আটকাধীন সৰবৰাহৰকাৰী কেইটা ক্ৰমে ইনচা বেগম ,পুছাম আগিংবি নামৰ দুগৰাকী মহিলা আৰু মহ:হাফিচ উদ্দিন, তাজ উদ্দিন আৰু মহ: ফাইজুল। তাৰে পুছাম আগিংবি নামৰ মহিলা এগৰাকী গৰ্ভৱতী বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande