
পৰিচালক অনুৰাগ কাশ্যপৰ আগন্তুক ছবি বন্দৰৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰিছে। ববি দেউলে এজন জনপ্ৰিয় টিভি অভিনেতাৰ চৰিত্ৰত অভিনয় কৰিছে, যাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হয় যেতিয়া তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হয়। ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত ছ'চিয়েল মিডিয়াত ছবিখনৰ বিষয়ে বহু জল্পনা-কল্পনাৰ সৃষ্টি হয়, য'ত মি টু আন্দোলনৰ সৈতে ইয়াৰ সম্পৰ্কও আছিল। অনুৰাগ কাশ্যপে এতিয়া প্ৰত্যুত্তৰ দিছে।
বাৰ্তালাপৰ সময়ত অনুৰাগ কাশ্যপে স্পষ্ট কৰি দিয়ে যে বন্দৰৰ মি টু আন্দোলনৰ লগত কোনো সম্পৰ্ক নাই। তেওঁ উল্লেখ কৰে যে মি টু হৈছে প্ৰভাৱশালী লোকৰ ক্ষমতাৰ অপব্যৱহাৰ আৰু যৌন শোষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা আন্দোলন, আনহাতে তেওঁৰ ছবিখনৰ বিষয়বস্তু বেলেগ।
কাশ্যপৰ মতে, ছবিখনত কোনো ক্ষমতা সংগ্ৰাম বা যৌন শোষণৰ কাহিনী কোৱা হোৱা নাই, গতিকে ইয়াক মি টু দৃষ্টিকোণৰ পৰা চোৱাটো উপযুক্ত নহ'ব। ইফালে ছবিখনৰ প্ৰযোজক নিখিল দ্বিবেদীয়েও ছবিখন নাৰী বিৰোধী বুলি উত্থাপন কৰা অভিযোগ খাৰিজ কৰে।
মন কৰিবলগীয়া যে মি টু আন্দোলনে ২০১৭ চনত বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছিল, যেতিয়া জীৱনৰ বিভিন্ন স্তৰৰ মহিলাসকলে ৰাজহুৱাভাৱে যৌন নিৰ্যাতনৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰিছিল।
আনহাতে বন্দৰই দৰ্শকৰ সন্মুখত এক বেলেগ সামাজিক আৰু মানসিক কাহিনী উপস্থাপন কৰিবলৈ সাজু হৈছে। ববি দেউলৰ উপৰিও সন্যা মালহোত্ৰা, সপনা পাব্বি, চাবা আজাদ, আৰু ৰাজ বি শ্বেট্টীকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। অহা ৫ জুনত ছবিগৃহত মুক্তি পাব ছবিখন।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া