সুদৃঢ় হ’ব মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য সেৱা, সুমন ৰোডমেপ ২০৩০ আৰম্ভ
নতুন দিল্লী, ২৯ জুন (হি.স.)। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাই সোমবাৰে মুকলি কৰে সুমন ৰোডমেপ ২০৩০। এই কৌশলগত ৰোডমেপক সমগ্ৰ দেশতে মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য সেৱা শক্তিশালী কৰাৰ দিশত আৰু ২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়
‘एनीमिया मुक्त भारत अभियान’ के संशोधित परिचालन दिशा-निर्देश जारी करते हुए केन्द्रीय मंत्री


নতুন দিল্লী, ২৯ জুন (হি.স.)। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাই সোমবাৰে মুকলি কৰে সুমন ৰোডমেপ ২০৩০। এই কৌশলগত ৰোডমেপক সমগ্ৰ দেশতে মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য সেৱা শক্তিশালী কৰাৰ দিশত আৰু ২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) লাভ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত কৰা হৈছে।

ষোড়শ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ সন্মিলনৰ সময়ত আৰম্ভ কৰা এই ৰোডমেপৰ লক্ষ্য হৈছে মহিলা আৰু নৱজাতকক গৰ্ভাৱস্থাৰ পূৰ্বৰ পৰা গৰ্ভাৱস্থা, প্ৰসৱ, আৰু প্ৰসৱৰ পিছৰ যত্নলৈকে উন্নত আৰু মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান কৰা।

বিজ্ঞান ভৱনত অনুষ্ঠিত অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাই কয় যে এই অভিযানৰ অধীনত মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ অধিক হোৱা ১৩খন ৰাজ্যৰ ১৩০খন জিলাক বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড, অসম, ওড়িশা, পশ্চিমবংগ, হাৰিয়ানা, কৰ্ণাটক, চত্তীশগড়, পঞ্জাৱ, আৰু উত্তৰাখণ্ড।

এই ৰোডমেপৰ অধীনত গৰ্ভৱতী মহিলাৰ সময়মতে পঞ্জীয়ন, নিয়মীয়াকৈ প্ৰসৱৰ পূৰ্বে পৰীক্ষা, উচ্চ বিপদজনক গৰ্ভধাৰণ চিনাক্তকৰণ, আশা কৰ্মীৰ দ্বাৰা ঘৰে ঘৰে নিৰীক্ষণ, জৰুৰীকালীন ৰেফাৰেল পৰিবহণ, জন্মৰ অপেক্ষাৰ ঘৰ, মাতৃ আৰু শিশু স্বাস্থ্য ইউনিট, আধুনিক স্বাস্থ্য সুবিধাসমূহ শক্তিশালী কৰা হ’ব।

ইয়াৰ উপৰিও জননী পৰ্টেলৰ জৰিয়তে ডিজিটেল নিৰীক্ষণ, এআই ভিত্তিক প্ৰসৱ কক্ষ, মাতৃৰ মৃত্যুৰ পৰ্যালোচনা, পুষ্টি কাৰ্যসূচী সম্প্ৰসাৰণ, আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ বৃদ্ধি আদি পদক্ষেপো গ্ৰহণ কৰা হ’ব।

চৰকাৰৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত প্ৰতি এক লাখ জীৱিত জন্মৰ বিপৰীতে মাতৃৰ মৃত্যুৰ অনুপাত ৭০ৰ তললৈ হ্ৰাস কৰা, নৱজাতক আৰু শিশুৰ মৃত্যুৰ হাৰ আৰু অধিক হ্ৰাস কৰা, আৰু সমগ্ৰ দেশতে মানসম্পন্ন মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য সেৱাৰ সাৰ্বজনীন উপলব্ধতা নিশ্চিত কৰা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande