
মুম্বাই, ২৯ জুন (হি.স.)। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ ভোৰৰ নাছৰপুৰ অঞ্চলত সাড়ে তিনি বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ অতি স্পৰ্শকাতৰ গোচৰটোত সোমবাৰে ন্যায়ধীশ এছআৰ কাম্বলেৰ বিশেষ আদালতে অভিযুক্ত ভীমৰাও কাম্বলে (৬৫)ক ফাঁচীৰ ৰায়দান দি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। আদালতত নিজৰ অপৰাধ স্বীকাৰ কৰে অভিযুক্তই। ২০২৬ চনৰ ১ মে’ত নাছাৰপুৰৰ এখন গো-শালাত সংঘটিত হৈছিল এই ঘটনা। মাত্ৰ ৬০ দিনৰ ভিতৰত শাস্তি প্ৰদানক মহাৰাষ্ট্ৰৰ প্ৰথম আৰু ঐতিহাসিক সিদ্ধান্ত বুলি অভিহিত কৰা হৈছে।
আজি আদালতে ৰায়দান কৰাৰ সময়ত অভিযুক্তৰ অপৰাধ মৃত্যুদণ্ডৰ যোগ্য বুলি উল্লেখ কৰে। এই দেশত আইনৰ শাসন প্ৰধান। অপৰাধ যিমানেই বেছি সিমানেই শাস্তি বেছি। শাস্তিৰ ৰায়দানৰ সময়ত আদালতত উপস্থিত আছিল ৰাজহুৱা অভিযোজক অজয় মিছাৰ আৰু তদন্তকাৰী বিষয়া জয়মলা পাৱাৰ। আদালতৰ বাহিৰত এক বৃহৎ জনসমাগম হৈছিল আৰু তেওঁলোকে অভিযুক্তক ৰাইজক গতাই দিয়াৰ দাবী জনায়। সেয়ে আদালতৰ বাহিৰত আৰক্ষীৰ ব্যাপক উপস্থিতি বজাই ৰাখিছিল।
উল্লেখযোগ্য যে, ২০২৬ চনৰ ১ মে’ত অভিযুক্তই এগৰাকী সাড়ে তিনি বছৰীয়া কিশোৰীক নাছৰপুৰৰ এটা গোশালালৈ লৈ গৈছিল। তাতেই ধৰ্ষণ কৰিছিল আৰু তাৰ পিছত নিৰ্মমভাৱে হত্যা কৰিছিল। ছোৱালীজনী বহুসময়লৈ ঘৰলৈ উভতি নোযোৱাত তাইৰ আত্মীয়ই তাইক বিচাৰিবলৈ ধৰিলে। ইয়াৰ পিছত গোশালাত তাইৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটো জোকাৰি যায়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অঞ্চলটোৰ চিচিটিভি ফুটেজত স্পষ্টকৈ দেখা গৈছে যে অভিযুক্তই শিশুটিক লৈ গৈছে। মাত্ৰ ডেৰ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰে।
তদন্ত খৰতকীয়া কৰিবলৈ পুনেৰ গ্ৰাম্য আৰক্ষী অধীক্ষক সন্দীপ সিং গিলে এটা বিশেষ তদন্তকাৰী দল গঠন কৰে। তদন্তকাৰী বিষয়া বিজয়মলা পাৱাৰকে ধৰি ছয়জন বিষয়া আৰু কৰ্মচাৰীয়ে চিচিটিভি ফুটেজ, ডিএনএৰ নমুনা, চিকিৎসা প্ৰতিবেদন, সাক্ষীৰ বক্তব্যৰ ভিত্তিত তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰে। জনতাৰ ক্ষোভৰ পোহৰত আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিলে। মাত্ৰ ১৬ দিনতে আদালতত দাখিল কৰা হ’ল প্ৰায় ১২০০ পৃষ্ঠাৰ অভিযোগনামা। ইয়াৰ পিছতে বিশেষ আদালতে দৈনিক আৰু কেমেৰাৰ ভিতৰত শুনানি আৰম্ভ কৰে।
এই গোচৰত ছোৱালীজনীৰ পৰিয়াল, প্ৰত্যক্ষদৰ্শী, তদন্তকাৰী বিষয়া, চিকিৎসা বিশেষজ্ঞ আদিকে ধৰি মুঠ ৫৫ জন সাক্ষীৰ ৰেকৰ্ড কৰা হৈছে। চিচিটিভি ফুটেজ, ডিএনএ ৰিপৰ্ট, আৰু অন্যান্য বৈজ্ঞানিক প্ৰমাণো আদালতত দাখিল কৰা হয়। অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ সময়ত ন্যায়াধীশে কয় যে অভিযুক্তই উচ্চ পৰ্যায়ত এই শাস্তিক প্ৰত্যাহ্বান জনাব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া