
কামৰূপ, ২৯ জুন (হি.স.)। অৰুণাচলত সংঘটিত ভয়ংকৰ ভূমিস্খলনত অসমৰ এজন যুৱক নিহত। নিহত যুৱকজনক ৰূপম ৰাভা (৩৫) বুলি জানিব পৰা গৈছে। ৰূপম ৰাভাৰ ঘৰ বকো বনগাঁও বুঢ়ীগাঁৱত। যোৱা নিশা সংঘটিত ঘটনাত নিহত হয় ৰূপম ৰাভা। পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল যুৱকজন।
শিল খহি পৰি মৃত্যু ৰূপম ৰাভাৰ। এক্সকেভেটৰ (পকলেনৰ) চালক আছিল ৰূপম ৰাভা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা