কাছগঞ্জত প্ৰশিক্ষাৰ্থী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ডিজিচিএৰ তদন্ত; পাইলট নিৰাপদ
নতুন দিল্লী, ২৯ জুন (হি.স.)। উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ এখন পথাৰত সোমবাৰে প্ৰশিক্ষাৰ্থী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনাৰ তদন্ত চলাইছে বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে। বিমানখন উৰুৱাই থকা মহিলা প্ৰশিক্ষাৰ্থী পাইলটগৰাকী নিৰাপদ বুলি জান
ट्रेनी एयरक्राफ्ट के हादसे का जारी फोटो का प्रतीकात्मक चित्र


নতুন দিল্লী, ২৯ জুন (হি.স.)। উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ এখন পথাৰত সোমবাৰে প্ৰশিক্ষাৰ্থী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনাৰ তদন্ত চলাইছে বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে। বিমানখন উৰুৱাই থকা মহিলা প্ৰশিক্ষাৰ্থী পাইলটগৰাকী নিৰাপদ বুলি জানিব পৰা গৈছে।

এক বিবৃতিত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে প্ৰকাশ কৰা অনুসৰি উত্তৰ প্ৰদেশৰ আলিগড়ত এককভাৱে উৰা মৰা চেতক বিমান পৰিবহণৰ চেছনা ১৫২ বিমান (ভিটি-এ এফ বি) কাছগঞ্জৰ এখন পথাৰত ক্ৰেচ-লেণ্ড হয়। বিমানখন উৰুৱাই থকা মহিলা প্ৰশিক্ষাৰ্থী পাইলটগৰাকী নিৰাপদ বুলি জানিব পৰা গৈছে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ডিজিচিএ।

আজি কাছগঞ্জত দুৰ্ঘটনাগ্ৰস্ত হয় এখন প্ৰশিক্ষণ বিমান। আলিগড়স্থিত চেটক বিমান পৰিবহণৰ প্ৰশিক্ষাৰ্থী চেছনা ১৫২ বিমান (ভিটি-এ এফ বি) এখন প্ৰশিক্ষণ বিমানৰ সময়ত হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দা মৰাৰ ফলত নিৰ্মাণৰত ঘাইপথত খুন্দা মাৰে। দুৰ্ঘটনাত আহত মহিলা প্ৰশিক্ষাৰ্থী পাইলটগৰাকীক লগে লগে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। এই মুহূৰ্তত আন কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande