
নতুন দিল্লী, ২৯ জুন (হি.স.)। টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া (ট্ৰাই)ই ৰাজস্থান আৰু গুজৰাটৰ মাজৰ যোধপুৰ-আহমেদাবাদ ৰে’লপথত মোবাইল নেটৱৰ্ক সেৱাৰ মানদণ্ড পৰীক্ষা কৰিছে। মে’ মাহত কৰা পৰীক্ষাত ৰিলায়েন্স জিঅ’ৰ নেটৱৰ্ক কভাৰেজ আৰু ডাটা স্পীডৰ ক্ষেত্ৰত সৰ্বোত্তম বুলি ধৰা পৰিছিল।
ট্ৰাইয়ে উল্লেখ কৰিছে যে যোৱা ৪ মে’ত যোধপুৰ আৰু আহমেদাবাদৰ মাজৰ ৪৫৬.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথত স্বতন্ত্ৰ ড্ৰাইভ টেষ্ট কৰা হৈছিল। উদ্দেশ্য আছিল বিভিন্ন টেলিকম সেৱা প্ৰদানকাৰীৰ বাস্তৱ সময়ৰ নেটৱৰ্কৰ মানদণ্ড মূল্যায়ন কৰা। পৰীক্ষাৰ সময়ত এয়াৰটেল, বিএছএনএল, ৰিলায়েন্স জিঅ’, আৰু ভোডাফোন-আইডিয়া (ভিআই)ৰ ২জি, ৩জি, ৪জি, আৰু ৫জি নেটৱৰ্কত ভইচ আৰু ডাটা সেৱা পৰীক্ষা কৰা হৈছিল।
প্ৰতিবেদন অনুসৰি কভাৰেজৰ ক্ষেত্ৰত ৰিলায়েন্স জিঅ’ই সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে। ২৬,১৩৬টা নমুনাৰ ভিতৰত মাত্ৰ ৬৮৫টা স্থানত জিঅ’ৰ সংকেত দুৰ্বল আছিল। ২৬,৩১৯টা নমুনাৰ ভিতৰত ১৮৪৩টা স্থানত এয়াৰটেলে দুৰ্বল সংকেত ৰেকৰ্ড কৰে। ভিআই-এ ২৫,৮১৭ টাৰ ভিতৰত ৫,১৫০ টা স্থানত দুৰ্বল সংকেত ৰেকৰ্ড কৰিছিল, আৰু বিএছএনএল-এয়ে ২৩,৬২৫ টাৰ ভিতৰত ৭,৩৬৮ টা স্থানত দুৰ্বল সংকেত ৰেকৰ্ড কৰিছিল। সীমিত বা কোনো কভাৰেজৰ ক্ষেত্ৰতো বিএছএনএল পিছ পৰি আছে, ১,২৭১টা স্থানত কোনো নেটৱৰ্ক উপলব্ধ নাছিল।
কল ড্ৰপৰ ক্ষেত্ৰত এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ই সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে। দুয়োটা কোম্পানীৰে নেটৱৰ্কত পৰীক্ষাৰ সময়ত কোনো ধৰণৰ কল ড্ৰপ হোৱা নাছিল। বিএছএনএলে ১২২টা সফল কলৰ ভিতৰত ১৫টা ড্ৰপ কৰাৰ অভিজ্ঞতা লাভ কৰাৰ বিপৰীতে ভিই ১২৬টা সফল কলৰ ভিতৰত ৪টা ড্ৰপ হোৱাৰ অভিজ্ঞতা লাভ কৰে।
ডাটা ডাউনলোডৰ গতিৰ ক্ষেত্ৰত ৰিলায়েন্স জিঅ’ সকলোতকৈ আগত আছিল। জিঅ’ই গড় ডাউনলোড স্পীড ৮৯.৬১ এমবিপিএছ ৰেকৰ্ড কৰিছিল। এয়াৰটেলৰ ডাউনলোড স্পীড আছিল ৪৮.৫৩ এমবিপিএছ। ভিআইৰ গড় ডাউনলোড গতি ১২.৭১ এমবিপিএছ ৰেকৰ্ড কৰাৰ বিপৰীতে বিএছএনএলয়ে ৭.৯৫ এমবিপিএছ ৰেকৰ্ড কৰে।
আপলোড স্পীডৰ ক্ষেত্ৰত এয়াৰটেলে ১১.৬৯ এমবিপিএছৰ সৈতে শীৰ্ষস্থান দখল কৰে। জিঅ’ৰ গড় আপলোড স্পীড আছিল ৯.০৬ এমবিপিএছ, আনহাতে ভিৰ গড় আপলোড স্পীড আছিল ৮.৮১ এমবিপিএছ। বিএছএনএলৰ আপলোড স্পীড আছিল ৩.৭৬ এমবিপিএছ।
ট্ৰাইৰ তথ্য অনুসৰি যোধপুৰ, ভগত কি কোঠী, লুনি জংচন, সমদৰী, জালৌৰ, ভিনমাল, ৰানিৱাদা, ধনেৰা, ভিলদী, পতন আৰু মেহছানা জংচনকে ধৰি বিভিন্ন ষ্টেচন আৰু ছেকচনত এই পৰীক্ষা সম্পন্ন কৰা হৈছে। মূল প্ৰাচলসমূহ যেনে কল ছেটআপ সফলতাৰ হাৰ, কল ড্ৰপ হাৰ, সংকেত কভাৰেজ, ডাউনলোড আৰু আপলোড গতি, বিলম্ব, জিটাৰ, আৰু পেকেট ড্ৰপসমূহ পৰীক্ষাৰ সময়ত মূল্যায়ন কৰা হৈছিল।
ট্ৰাইয়ে উল্লেখ কৰে যে প্ৰতিবেদনৰ তথ্য সংশ্লিষ্ট টেলিকম কোম্পানীসমূহৰ সৈতে ভাগ কৰা হৈছে যাতে প্ৰয়োজনীয় সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া