
অভিনেতা মনোজ বাজপেয়ীৰ জনপ্ৰিয় ৱেব ছিৰিজ দ্য ফেমিলি মেনৰ অনুৰাগীসকলৰ বাবে ভাল খবৰ। প্ৰযোজক ৰাজ আৰু ডি কেয়ে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে ধাৰাবাহিকখনৰ চতুৰ্থ ছিজনৰ কাম আৰম্ভ হৈছে। ২০২৫ চনৰ নৱেম্বৰ মাহত মুক্তি পোৱা তৃতীয় ছিজনৰ পৰাই দৰ্শকে ছিকুৱেলৰ বাবে অপেক্ষা কৰি আছিল । এতিয়া মেকাৰসকলে স্পষ্ট কৰি দিছে যে ছিজন ৪ৰ চিত্ৰনাট্য চলি আছে আৰু শ্ৰীকান্ত তিৱাৰীৰ আধৰুৱা কাহিনীটো আগবঢ়াই নিব ।
এক সাক্ষাৎকাৰত ৰাজ আৰু ডি কেয়ে প্ৰকাশ কৰে যে তেওঁলোকে ৩ আৰু ৪ ছিজনক আৰম্ভণিৰে পৰাই এটা দীঘলীয়া কাহিনী হিচাপে পৰিকল্পনা কৰিছিল । তেওঁলোকে কয়, কিছুমান দৰ্শকে অনুভৱ কৰিছিল যে তৃতীয় ছিজনটো মাজভাগত শেষ হ'ল, কিন্তু আমাৰ বাবে মূল কাহিনীটোৱে যুক্তিসংগত সিদ্ধান্তত উপনীত হৈছিল। কেৱল শ্ৰীকান্ত তিৱাৰীৰ ব্যক্তিগত কাহিনীটোহে অসম্পূৰ্ণ আছিল, যিটো পৰৱৰ্তী ছিজনতো চলি থাকিব। বৰ্তমান আমি চিত্ৰনাট্যৰ ওপৰত দ্ৰুতগতিত কাম কৰি আছো ।
২০১৯ চনত প্ৰিমিয়াৰ হোৱা দ্য ফেমিলি মেন ছবিখনত মনোজ বাজপেয়ীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু পাৰিবাৰিক দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে চেষ্টা কৰা চোৰাংচোৱা বিষয়া শ্ৰীকান্ত তিৱাৰীৰ চৰিত্ৰত অভিনয় কৰিছে । ধাৰাবাহিকখনৰ তিনিওটা ছিজনেই দৰ্শকৰ মাজত অতি জনপ্ৰিয় । প্ৰিয়মণি, শ্বৰীব হাছমী, বেদান্ত সিনহা, আৰু অশ্লেছা ঠাকুৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এতিয়া চতুৰ্থ ছিজনৰ সৈতে শ্ৰীকান্ত তিৱাৰীয়ে নতুন মিছনত ঘূৰি আহিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ