
দক্ষিণ শালমাৰা-মানকাচৰ, ২৯ জুন (হি.স.)। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কানাইমাৰা অঞ্চলত কালি বিয়লি এক অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। কানাইমাৰাৰ বাসিন্দা জয়নাল শ্বেখৰ ঘৰত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডটোৰ ফলত কেইবা লাখ টকাৰ সম্পত্তি ভষ্মিভূত হয়।
জুইৰ লেলিহান শিখাই মুহূৰ্ততে ঘৰৰ ভিতৰৰ বিভিন্ন সামগ্ৰী জ্বলাই ভস্মীভূত কৰে। ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় লোকসকলে তৎপৰ হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও পিছত অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিৰ ফলত অধিক ক্ষতিৰ পৰা ৰক্ষা পৰে যদিও ঘৰৰ বহু মূল্যৱান সামগ্ৰী নষ্ট হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ