তেজপুৰৰ লিচু বাগান পৰিদৰ্শন কৰি কৃষক সকলৰ সৈতে মত-বিনিময় কৃষি মন্ত্ৰী পীযুষ হাজৰীকাৰ
অহা বছৰ বিতৰণৰ বাবে বিখ্যাত তেজপুৰ লিচুৰ অতি কমেও ২ লাখ পুলি প্ৰস্তুত কৰাৰ আহ্বান মন্ত্ৰী হাজৰীকাৰ শোণিতপুৰ, ২৯ জুন (হি.স.)। বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা বিখ্যাত তেজপুৰ লিচুৰ উৎপাদনৰ বিভিন্ন দিশৰ বুজ লোৱাৰ উদ্দেশ্যে কৃষি মন্ত্ৰী পীযুষ হাজৰীকাই আ
তেজপুৰৰ লিচু বাগান পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত-বিনিময় কৃষি মন্ত্ৰী পীযুষ হাজৰীকাৰ


অহা বছৰ বিতৰণৰ বাবে বিখ্যাত তেজপুৰ লিচুৰ অতি কমেও ২ লাখ পুলি প্ৰস্তুত কৰাৰ আহ্বান মন্ত্ৰী হাজৰীকাৰ

শোণিতপুৰ, ২৯ জুন (হি.স.)। বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা বিখ্যাত তেজপুৰ লিচুৰ উৎপাদনৰ বিভিন্ন দিশৰ বুজ লোৱাৰ উদ্দেশ্যে কৃষি মন্ত্ৰী পীযুষ হাজৰীকাই আজি তেজপুৰৰ পৰমাইঘূলীস্থিত লিচু বাগান পৰিদৰ্শন কৰে আৰু স্থানীয় লিচু খেতিয়কসকলৰ সৈতে এক মতবিনিময় কাৰ্যসূচীত মিলিত হয়।

ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে খেতিয়ক তথা কৃষক উৎপাদক কোম্পানীসমূহৰ (এফ.পি.চি.–FPC) বিভিন্ন সমস্যাৰ বুজ লয়। তেওঁ উল্লেখ কৰে যে লিচুৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষি বিভাগে অতি শীঘ্ৰেই লিচু ৰপ্তানিকাৰক আৰু কৃষকসকলৰ এক বৈঠকৰ আয়েজন কৰিব।

কৃষকসকলৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে পোক-পৰুৱাৰ উপদ্ৰৱ, এফ.পি.চি.সমূহৰ বাবে ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ আৰু পাৱাৰটিলাৰৰ প্ৰয়োজনীয়তা, সৌৰশক্তি চালিত লাইট আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বুজ লয়।

মন্ত্ৰী হাজৰীকাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৃষকৰ মাজত বিতৰণ কৰিব পৰাকৈ তেজপুৰৰ লিচু খেতিয়ক সকলক অতি কমেও ২ লাখ লিচুৰ পুলি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে লিচু, নাৰিকল, তামোল আদিৰ দৰে লাভজনক নগদ শস্যৰ উৎপাদন বৃদ্ধিৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে অহা বছৰৰ পৰা প্ৰতিটো সমষ্টিত এনেধৰণৰ ১ লাখকৈ পুলি বিতৰণৰ লক্ষ্য স্থিৰ কৰিছে কৃষি বিভাগে।

মন্ত্ৰীগৰাকীয়ে লগতে আহ্বান জনাই কয় যে অসমৰ যুৱ প্ৰজন্মই এনেধৰণৰ লাভজনক খেতিৰ সৈতে জড়িত হোৱা উচিত। ম’বাইল টাৱাৰৰ বিকিৰণ আদিৰ দৰে অপ্ৰমাণিত কাৰণসমূহৰ অচিলা লৈ নাৰিকল, তামোল আদি ৰোপণৰ পৰা বিৰত থকাৰ পৰিৱৰ্তে নিজৰ ভূমিসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ তেওঁ যুৱ প্ৰজন্মক আহ্বান জনায়।

আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ মাজত স্প্ৰেয়িং মেচিন আৰু অন্যান্য কৃষি সঁজুলিও বিতৰণ কৰে।

উক্ত কাৰ্যসূচীত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষি বিভাগৰ সচিব তথা সঞ্চালক উদয় প্ৰবীণ, শোণিতপুৰৰ জিলা উপায়ুক্ত, উদ্যান কৃষি বিভাগৰ সঞ্চালক আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande