
নতুন দিল্লী, ২৯ জুন (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৩০ জুনৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ দুদিনীয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত ৰাজ্যৰ দুখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
ৰাষ্ট্ৰপতি ভৱনৰ মতে, অহা ৩০ জুনত বিজয়নগৰমত অৱস্থিত অন্ধ্ৰপ্ৰদেশৰ কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তনত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।
ইয়াৰ পিছতে ১ জুলাইত অনন্তপুৰত অৱস্থিত অন্ধ্ৰ প্ৰদেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তনত অংশগ্ৰহণ কৰি ডিগ্ৰী প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া