
নতুন দিল্লী, ২৯ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে বৈচিত্ৰময় সংস্কৃতিক সন্মান কৰিলে বিশ্বব্যাপী বিশ্বাস, বুজাবুজি আৰু ভাতৃত্ববোধ শক্তিশালী হয়।
সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে লিখিছে যে বিশ্বৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিক সন্মান কৰিলে মানুহৰ মাজত বিশ্বাস আৰু সহযোগিতা বৃদ্ধি পায় আৰু পাৰস্পৰিক বুজাবুজি আৰু ভাতৃত্ববোধ শক্তিশালী হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিজন ব্যক্তিয়ে এখন দেশ, সময়, জাতি, ধৰ্মৰ ৰীতি-নীতি বুজি পায়, কিন্তু উচ্চ-নীচৰ জ্ঞান নাথাকে, তেওঁ সদায় ইফালে সিফালে ধন-সম্পত্তি অৰ্জন কৰি জনসাধাৰণৰ ওপৰত শাসন কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া