
চৰাইদেউ, ২৯ জুন (হি.স.)। সোণাৰিত ই-ৰিক্সাৰ দৌৰাত্ম্য,
অহা ৩ জুলাইত চৰাইদেউত বাছ মালিক সন্থাৰ কৰ্মবিৰতি ঘোষণা
। চৰাইদেউ জিলাত অনিয়ন্ত্ৰিত ই-ৰিক্সাৰ চলাচলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহা ৩ জুলাইত কৰ্মবিৰতি ঘোষণা কৰিছে বৃহত্তৰ চৰাইদেউ জিলা বেচৰকাৰী বাছ আৰু মিনি বাছ মালিক সন্থা তথা উজনি অসম সন্মিলিত বাছ মালিক সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে।
নগৰৰ ব্যস্ত স্থানসমূহত ই-ৰিক্সাসমূহে কোনো নিয়ম-নীতি নমনাকৈ যধে-মধে যাত্ৰী উঠোৱা-নমোৱা কৰাৰ ফলত দৈনিক তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। ইয়াৰ ফলত যান-বাহন ব্যৱস্থাৰ লগতে যাত্ৰীসকলেও ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। ই-ৰিক্সাৰ এই দৌৰাত্ম্য ৰোধ কৰিবলৈ প্ৰশাসনৰ ওচৰত বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সন্থাই এই চৰম সিদ্ধান্ত লৈছে। প্ৰশাসনে অনতিপলমে ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্থাই পুনৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা