নিৰাপত্তা তথা নুন্যতম সুবিধাকন নোহোৱাকৈয়ে কাম কৰিছে ৰেল ষ্টেচনত কৰ্মৰত ছাফাই কৰ্মীয়ে
ডিব্ৰুগড়, ২৯ জুন (হি.স.)। বানীপুৰ স্থিত ডিব্ৰুগড় ৰেলৱে ষ্টেচনত কৰ্মৰত অবস্থাত এজন চাফাই কৰ্মীৰ মৃত্যু ঘটনাই উদঙাইছে ৰেল বিভাগৰ ভিতৰৰ কথা। কোনো নিৰাপত্তা তথা নুন্যতম সুবিধাকন নোহোৱাকৈয়ে কাম কৰিব লাগে চাফাই কৰ্মী সকলে। ৰেলৰ বায়ো টয়লেট পৰিষ্কা
নিৰাপত্তা তথা নুন্যতম সুবিধাকন নোহোৱাকৈয়ে কাম কৰিছে ৰেল ষ্টেচনত কৰ্মৰত ছাফাই কৰ্মীয়ে


ডিব্ৰুগড়, ২৯ জুন (হি.স.)।

বানীপুৰ স্থিত ডিব্ৰুগড় ৰেলৱে ষ্টেচনত কৰ্মৰত অবস্থাত এজন চাফাই কৰ্মীৰ মৃত্যু ঘটনাই উদঙাইছে ৰেল বিভাগৰ ভিতৰৰ কথা। কোনো নিৰাপত্তা তথা নুন্যতম সুবিধাকন নোহোৱাকৈয়ে কাম কৰিব লাগে চাফাই কৰ্মী সকলে।

ৰেলৰ বায়ো টয়লেট পৰিষ্কাৰৰ দৰে অতি স্পৰ্শকাতৰ কাম কোনো ধৰনৰ আৱৰন নোহোৱাকৈ মুকলি হাতেৰে মলমূত্ৰ পৰিষ্কাৰ কৰোৱাইছে ৰেলৰ ঠিকাদাৰ প্ৰতিষ্ঠানে। শ্ৰমিকৰ নাথাকে জোতা,নাথাকে হেণ্ড গ্লোভ, মাক্স, টুপি,এপ্ৰন। তদুপৰি উচ্চ ক্ষমতা বিদ্যুত তাৰৰ মাজেৰে ৰেলৰ তলত সোমাই কাম কৰে এই শ্ৰমিক সকলে। এনে অসুৰক্ষিত পৰিবেশৰ মাজত কাম কৰি থাকোতেই কালি সন্ধিয়া শোকাৱহ মৃত্যুক সাৱটি লয় সুমন শইকীয়া নামৰ এজন যুৱকে।

অতি পৰিতাপৰ কথা যে গুৰুতৰ ভাৱে আহত হোৱা প্ৰায় মৃত শ্ৰমিক জনক চিকিৎস্যালয়লৈ নিবলৈ ৰেল বিভাগ অথবা ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যোগান নধৰিলে এখন বাহন।প্ৰায় মৃত শ্ৰমিক জনক এখন স্কুটিত লৈ যোৱা হৈছিল চিকিৎস্যালয়লৈ। শ্ৰমিকৰ প্ৰতি চৰম অমানৱীয়তা পৰিদৰ্শন কৰা ঠিকাদাৰী প্ৰতিষ্ঠানৰটোৰ বিৰুদ্ধে পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে। ইফালে ঘটনাৰ পিছৰ পৰাই ডাইনেমিক ৰত্নাম নামৰ ঠিকাদাৰী প্ৰতিষ্ঠান টোৰ বিষয়া কৰ্মী সকলক বিচাৰি পোৱা নাই শ্ৰমিক সকলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande